ডিফু,১২ এপ্ৰিল: দেওবাৰে সন্ধিয়া কাৰ্বি আংলঙৰ ডিফু চহৰত এটা বৃহদাকায় কাছ উদ্ধাৰ হয় । চহৰখনত প্ৰচণ্ড বৃষ্টিপাত হোৱাৰ পিছতে মাটিপুং অঞ্চলত স্থানীয় লোকসকলে প্ৰকাণ্ড কাছটো প্ৰত্যক্ষ কৰে । পিছত উক্ত অঞ্চলৰে নিবাসী ডিফুৰ জ্যেষ্ঠ সাংবাদিক আছাবুৰ ৰহমানৰ তৎপৰতাত কাছটো উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়া হয় । উদ্ধাৰ হোৱা কাছটোৰ ওজন ৩০ কিল’গ্ৰামৰো অধিক বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, সমীপত কোনো জলাশয় নথকা মাটিপুঙৰ পাহাৰীয়া এলেকাত এনে বৃহৎ আকাৰৰ কাছৰ উদ্ধাৰে স্থানীয় লোকসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত বনবিষয়া ৰঞ্জন বৰুৱাই জানিবলৈ দিয়া মতে, এই বিশেষ প্ৰজাতিৰ কাছই কঠিন শিলৰ মাজতো জীয়াই থাকিব পাৰে ।