ডিফু, 16 মাৰ্চ: ডকমকাত মাটিৰ তলত পুতি ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু সক্ৰিয় গুলী উদ্ধাৰ ৷ মাটিত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় অস্ত্ৰ-শস্ত্ৰখিনি ৷ আসন্ন লোকসভা নিৰ্বাচনৰ পূৰ্বে পাহাৰীয়া জিলাখনত এই দৰে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে চাঞ্চল্যৰ (Fire arms recover at Dokmoka) ৷
অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ কথা বৃহস্পতিবাৰে সংবাদমেলযোগে সদৰী কৰে জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি এক গোপন খবৰৰ ভিত্তিত উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত ডকামকা আৰু হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এটা আৰক্ষীৰ দলে অভিযান চলাইছিল ডকমকা থানা এলেকাৰ ডয়ডাক অঞ্চলত ৷ সেই অভিযানতে আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ অস্ত্ৰৰ ভাণ্ডাৰ (Huge arms cache recovered in Karbi Anglong) ৷
উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত আছে এটা AK-56 ৰাইফল ,এটা 9mm পিষ্টল, এটা 0.32 পিষ্টল , দুটা মেগজিন থকা এটা 9mm ষ্টেণ্ড গান, 9 টা AK মেগজিন, 88 জাঁই সক্ৰিয় গুলী, ইয়াৰ ভিতৰত আছে AK চিৰিজৰ গুলী, 7 টা 9mm ৰ সক্ৰিয় গুলী ৷