অসম

assam

ETV Bharat / state

ডিফুত প্ৰায় ১১ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জ্বলালে আৰক্ষীয়ে - আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস

শনিবাবে কাৰ্বি আংলং আৰক্ষীয়ে জ্বলালে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ বিগত এটা বৰ্ষত কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় সামগ্ৰীসমূহৰ মূল্য প্ৰায় 11 কোটি হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

Narcotics burnt by Karbi Anglong police
ডিফুত প্ৰায় ১১ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জ্বলালে আৰক্ষীয়ে

By

Published : Jun 25, 2022, 4:49 PM IST

ডিফু, ২৫ জুন:আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ(International Day against Drug) প্ৰাকমুহূৰ্তত শনিবাৰে ডিফুৰ ৫ মাইলৰ ছাই খেলপথাৰত দাহ কৰা হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য ৷ বিগত এটা বছৰত সমগ্ৰ কাৰ্বি আংলঙত ১২ টাকৈ গোচৰৰ ভিত্তিত জব্দ কৰা নিচাজাতীয় দ্ৰব্যসমূহ ৰাজহুৱাভাবে দাহ কৰে আৰক্ষীয়ে ।

দাহ কৰা নিচাযুক্ত দ্ৰব্যসমূহৰ ভিতৰত আছে ৯ কিল’গ্ৰাম হেৰ’ইন, ১৫৬.২ কি:গ্ৰা:গাঞ্জা, ২৮১৩.৭ কি: গ্ৰা: অপিয়াম পড, ৯৬ বটল কাঁহৰ চিৰাপ আৰু ৭৫৮৩ টা নিচাযুক্ত টেবলেট । এই নিচাযুক্ত দ্ৰব্যসমূহ জিলা ড্ৰাগছ দহন কমিটিৰ অনুমোদনমৰ্মে কাৰ্বি আংলং আৰক্ষীৰ উদ্যোগত দহন কৰা হয় (Narcotics burnt by Karbi Anglong police) ।

ডিফুত প্ৰায় ১১ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জ্বলালে আৰক্ষীয়ে

নিষিদ্ধ দ্ৰব্যসমূহ দহন কাৰ্যসূচীত উপস্থিত থাকে জিলা ড্ৰাগছ দহন কমিটিৰ সদস্যসকল ক্ৰমে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, ACS নুপূৰ বৰা, স্বাস্থ্য বিষয়া নৰেন্দ্ৰ নাথ ৰাজখোৱা, ভাৰপ্ৰাপ্ত আবকাৰী বিষয়া দিগন্ত বৰুৱা, উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু উপ-আৰক্ষী অধীক্ষক নিলোৎপল শইকীয়া ৷

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ১৭ জুলাইতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৃহৎ পৰিমাণৰ ড্ৰাগছ দাহ কৰি নষ্ট কৰা হৈছিল (Drugs disposed by Assam police)।

লগতে পঢ়ক:ৰহা আৰক্ষীৰ জালত চোৰাং গৰু সৰৱৰাহকাৰী

ABOUT THE AUTHOR

...view details