ডিফু,২৮ জানুৱাৰীঃ ডিমাচা জনগোষ্ঠীৰ জাতীয় উৎসৱ বিছু ডিমাত গুলিচালনা ৷ এই গুলিচালনাত প্ৰাক্তন DHD নেতা অমিৎ নুনিছা আৰু আলতা মাইবংচা’ নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় ৷ আহত হয় আছিচ ফংলচা’ নামৰ এগৰাকী যুৱক ৷ বুধবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ খাৰনাইদিছা গাঁৱত সংঘটিত হোৱা এই ভয়ংকৰ আক্ৰমণে এলেকাতোত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ আহত যুৱক জন বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
ডিমাচা উৎসৱৰ মাজতে গুলিচালনা, ২ জন নিহত - সম্প্ৰতি যোৱা নিশা সংঘটিত এই হত্যাকাণ্ড
বুধবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ খাৰনাইদিছা গাঁৱত সংঘটিত হোৱা এই ভয়ংকৰ আক্ৰমণে এলেকাতোত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ আহত যুৱকজন বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

অসম-নাগালেণ্ড সীমান্তত সন্দেহযুক্ত DNLA ৰ গুলী চালনাত প্ৰাক্তন DHD নেতা নিহত
অসম-নাগালেণ্ড সীমান্তত সন্দেহযুক্ত DNLA ৰ গুলী চালনাত প্ৰাক্তন DHD নেতা নিহত
আনহাতে আৰক্ষীয়ে এই ঘটনাত কোন জড়িত এতিয়াও স্পষ্ট কৰা নাই যদিও সন্দেহ কৰা অনুসৰি এই ঘটনা DNLA নামৰ সংগঠনটোৱে সংঘটিত কৰাৰ অভিযোগ ৷ কাৰণ প্ৰাক্তন DHD সকলৰ বাবে তেওঁলোকে ধনশিৰি এলেকাত খোপনি পুতিব পৰা নাই ৷ ইয়াৰ পূৰ্বে ২০১৭ চনত DHD প্ৰাক্তন সেনাধ্যক্ষ প্ৰণৱ নুনিছা আৰু নিলেন্দু ডিমাছাকো সংগঠনটোৱে হত্যা কৰাৰ চেষ্টা কৰিছিল ৷ সম্প্ৰতি যোৱা নিশা সংঘটিত এই হত্যাকাণ্ডই এতিয়া এলেকাটোত আতংকৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়কঃ ধৰ্মপুৰত চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী
Last Updated : Jan 28, 2021, 11:44 AM IST