ডিফু, ২১ ছেপ্টেম্বৰ: অবৈধ গৰ্ভপাতৰ বাবেই অনাৰ কিলিঙৰ বলি হ’ল বকলীয়াঘাট চূণপোৰা গাঁৱৰ ১৬ বছৰীয়া এগৰাকী কিশোৰী ৷ যোৱা ১৬ ছেপ্টেম্বৰত বকলীয়াঘাট চূণপোৰা বিহাৰী গাঁৱত সংঘটিত হৈছিল এই হত্যাকাণ্ড (Honour killing in Diphu)৷
পিতৃ, খুড়াক আৰু বৰদেউতাকে মিলি বাৰীৰ পাছফালে কুঁহিয়াৰ বাৰীত পুতি ৰাখিছিল ১৬ বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ ৷ তাৰ পাছত পিতৃ অংগদ সিং বিহাৰলৈ পলাই গৈছিল ৷ প্ৰথমতে পিতৃ অংগদ সিঙে নিজ জীয়ৰীক হত্যা কৰি মাটিত পুতি থোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছিল যদিও ঘটনাই সম্প্ৰতি নতুন ৰূপ ধাৰণ কৰিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি মৃত্যুৰ সময়ত কিশোৰীগৰাকী পাঁচমাহৰ অন্তঃসত্বা আছিল ৷ ১৩ ছেপ্টেম্বৰত কিশোৰীগৰাকীক গৰ্ভপাত কৰোৱাবলৈ পৰিয়ালৰ লোকে বকলীয়াঘাটৰ চিকাৰী গেটৰ হোমিঅ' ফাৰ্মাছিষ্ট চিয়াৰাম যাদৱৰাইৰ ওচৰলৈ গৈছিল ৷ যাদৱে কিশোৰীগৰাকী এটা বেজী দিয়াৰ পাছতেই তেওঁৰ অৱস্থা অতি সংকটজনক হৈ পৰে ৷ পাছদিনা কিশোৰীগৰাকীৰ মৃত্যু হোৱাত পৰিয়ালৰ লোকসকল বিবুধিত পৰে(Death after abortion in Diphu)৷