ডিফু, ১৮ ফেব্ৰুৱাৰী :সুদীৰ্ঘ চল্লিছ বছৰ পিছত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানৰ দুগৰাকী ধৰ্ষিতাই লাভ কৰিলে ন্যায় ৷ প্ৰাপ্ত খবৰ অনুসৰি, বোকাজানৰ কৰ্দৈগুৰিত সংঘটিত হোৱা এক গণধৰ্ষণ(Sexual assault case at Diphu)ৰ ঘটনাত দোষী সাব্যস্ত হোৱা তিনি অভিযুক্ত শুকুৰবাৰে ডিফু ন্যায়িক আদালতে ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে (Three gang rapists sentenced to ten years rigorous imprisonment) ৷
ডিফুস্থিত জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ সহকাৰী সত্ৰ ন্যায়াধীশ মিছবাহ উল হাছান আনচাৰীৰ আদালতে তিনি অভিযুক্ত ক্ৰমে, ভদ ওৰাং, তমু ওৰাং আৰু নিৰঞ্জন কৰ্মকাৰক দহ বছৰকৈ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে বিশ হাজাৰকৈ টকাৰ জৰিমনা বিহে ৷ জৰিমনা আদায় দিয়াত ব্যৰ্থ হ’লে দোষীয়ে অতিৰিক্তভাৱে আৰু তিনিমাহৰ বাবে কাৰাবাস থাকিব লাগিব ৷
লগতে পঢ়ক :Shahdara gang rape case: শ্বাহদাৰাৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ ১১ গৰাকী