অসম

assam

ETV Bharat / state

ডিফুত মুখ্যমন্ত্ৰীয়ে দাহ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী - অসমৰ মুখ্যমন্ত্ৰী

বিগত দুটা মাহত ৰাজ্যত ড্ৰাগছ সৰবৰাহ সংক্ৰান্তীয় ৮৭৪ টা গোচৰ পঞ্জীয়ন হোৱাৰ লগতে ১,৪৯৩ জন লোকক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ৷ শনিবাৰে ডিফুত মৰফিন ১১.৮৮ কেজি, হেৰ'ইন ৩.৪৮ কেজি, মেথামফেটামাইন ২.৮৯ কেজি, গাঞ্জা ১০২.৯১ কেজি নিচাযুক্ত টেবলেট ২,০৩,৩৮৯ টা মুখ্যমন্ত্ৰীৰ উপস্থিতিত জুই জলাই নষ্ট কৰা হয় ৷

Drugs are burned at diphu
ডিফুত মুখ্যমন্ত্ৰীয়ে দাহ কৰিলে বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী

By

Published : Jul 17, 2021, 10:16 PM IST

ডিফু, ১৭ জুলাই :'যিদৰে মাঘৰ মেজিৰ জুইত সমাজৰ সকলো অসূয়া-বিপত্তি, অমংগল দূৰ হয়, ঠিক সেইদৰে আজিৰ ড্ৰাগছ দাহৰ জুইয়ে ৰাজ্যত ড্ৰাগছৰ ভয়াৱহতা নিঃশেষ কৰিবলৈ সক্ষম হ'ব' । শনিবাৰে ডিফুত পোন প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ (Drugs) দাহ কাৰ্যসূচীত উপস্থিত থাকি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়ে অসমৰ নৱপ্ৰজন্মক অন্ধকাৰলৈ ঠেলি নিয়া বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ দিছিল হিমন্ত বিশ্ব শৰ্মাই ।

ডিফুত মুখ্যমন্ত্ৰীয়ে দাহ কৰিলে বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী

তাৰ পিছতে এইক্ষেত্ৰত আৰক্ষীয়ে এক মুকলি জেহাদ ঘোষণা কৰি বিগত দুটা মাহত ডেৰশ কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছৰ লগতে ডেৰ হাজাৰ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজ্যজুৰি জব্দ হোৱা এই বৃহৎ পৰিমাণৰ নিচাযুক্ত ড্ৰাগছখিনি দুদিনীয়া কাৰ্যসূচীৰে অসমৰ চাৰি ঠাইত ৰাজহুৱাকৈ দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ তাৰে অংশস্বৰূপে শনিবাৰে ডিফুস্থিত পাঁচমাইলৰ কাৰ্বি আংলং ক্ৰীড়াসন্থাৰ খেলপথাৰত হেলিকপ্তাৰযোগে উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ড্ৰাগছখিনি দাহ কৰে ৷

ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ই অসমৰ বাবে ঐতিহাসিক ক্ষণ ৷ পূৰ্বে অসমৰ চুবুৰীয়া ৰাজ্যসমূহত ড্ৰাগছৰ ব্যৱহাৰ বা প্ৰচলন আছিল যদিও শেহতীয়াকৈ অসমৰ মূল ভূখণ্ডতো বৰবিহ সদৃশ ড্ৰাগছৰ অবাধ প্ৰচলন দেখা গৈছে ৷ অসমৰ নৱ প্ৰজন্মক ড্ৰাগছে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ৷

ডিফুত মুখ্যমন্ত্ৰীয়ে দাহ কৰিলে বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী

একাংশ উগ্ৰপন্থী সংগঠনে ড্ৰাগছ আসক্ত যুৱ প্ৰজন্মক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে যদিও এই ক্ষেত্ৰত আলফাক মুখ্যমন্ত্ৰী গৰাকীয়ে কোনো দোষাৰোপ কৰা নাই ৷ ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে লোৱা সবল স্থিতি আৰু অসম আৰক্ষীয়ে এইক্ষেত্ৰত কৰা স্থিতি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ড্ৰাগছৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ড্ৰাগছ চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানত আইনসংগত অভিযান চলাবলৈ আৰক্ষীক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

ড্ৰাগছ মাফিয়াৰ পৰা উৎকোচ প্ৰত্যাখান কৰা সাহসী হোমগাৰ্ড বৰচিং বে’কো এই সুযোগতে পুনৰবাৰ ধন্যবাদ জনোৱাৰ লগতে আৰু শলাগ লয় মুখ্যমন্ত্ৰী শৰ্মাই ৷ কাৰ্বি আংলঙত এখন ৰাজ্যিক পৰ্যায়ৰ বিশ্ববিদ্যালয় স্থাপন কৰাৰ লগতে এছপিজি পৰ্যায়ৰ এটা কমাণ্ডো বেটালিয়নৰ গোট গঠন কৰা হ'ব বুলিও মন্তব্য কৰে । লগতে জিলাখনত এখন বিমান বন্দৰ নিৰ্মাণ কৰাৰ বাবে পৰৱৰ্তী বাজেটত উত্থাপন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

ডিফুত মুখ্যমন্ত্ৰীয়ে দাহ কৰিলে বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী

ইয়াৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত দুটা মাহত ৰাজ্যত ড্ৰাগছ সৰবৰাহ সংক্ৰান্তীয় ৮৭৪ টা গোচৰ পঞ্জীয়ন হোৱাৰ লগতে ১,৪৯৩ জন লোকক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বুলি জানিবলৈ দিছে ৷ শনিবাৰে ডিফুত মৰফিন ১১.৮৮ কেজি, হেৰ'ইন ৩.৪৮ কেজি, মেথামফেটামাইন ২.৮৯ কেজি, গাঞ্জা ১০২.৯১ কেজি নিচাযুক্ত টেবলেট ২,০৩,৩৮৯ টা মুখ্যমন্ত্ৰীৰ উপস্থিতিত জুই জলাই নষ্ট কৰা হয় ৷ মুখ্যমন্ত্ৰীগৰাকীৰ আশা ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শূণ্য সহনশীলতাৰে অগ্ৰসৰ হ'ব আৰু ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰা সফলতাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, নাগালেণ্ড আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় ৷ এই কাৰ্যসূচীত উপস্থিত থকা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্ত আৰু কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ড্ৰাগছৰ ভয়াৱহতাৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে ৷

লগতে পঢ়ক :পুনৰ পোহৰলৈ কিডনী বিক্ৰীৰ আন এক ঘটনা

ABOUT THE AUTHOR

...view details