ডিফু, ৩০ মে': অহা ৮ জুনত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে (KAAC election 2022) ৷ এই প্ৰচাৰত নতুন মাত্ৰা প্ৰদান কৰি সোমবাৰৰ পৰা এলানি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma in Karbi Anglong)৷ সোমবাৰে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত মুঠ তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় ৷
সোমবাৰে পুৱা চিণ্ঠঙৰ বিৰছিংকিত বিজেপি দলৰ প্ৰাৰ্থী অবিনাশ ক্ৰ' আৰু আমৰিৰ প্ৰাৰ্থী ডি উফিং মাছলাইৰ সমৰ্থনত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কাৰ্বি আৰু তিৱা ভাষাৰে ভাষণৰ আৰম্ভণি কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা ভাষণত চিণ্ঠংত এগৰাকী যুৱকক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে প্ৰাৰ্থী গৰাকীক ভাল দায়িত্ব দিয়া হ’ব বুলি কয় (Himanta Biswa Sarma election campaign)৷
উন্নয়নৰ ধাৰা ডিফুৰ পৰা চিণ্ঠং, আমৰিলৈকে সম্প্ৰসাৰিত হ’ব লাগিব বুলি মত পোষণ কৰে মুখ্যমন্ত্ৰীয়ে ৷ পশ্চিম কাৰ্বি আংলং জিলাত কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে এশ কোটি টকা আৱণ্টন দিয়া বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ দিল্লী, দিছপুৰ, আৰু ডিফুত বিজেপিৰ তিনিটা ইঞ্জিনৰ চৰকাৰ চলি থকাৰ বাবেই এয়া সম্ভৱ বুলি তেওঁ উল্লেখ কৰে ৷
ইফালে, কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কংগ্ৰেছৰ ইঞ্জিন ক'ৰবাত ডবা ক'ৰবাত ৷ লগতে নতুনকৈ ভুমুকি মৰা দল সমুহ এতিয়াও বাচ্ছা হৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ ইয়াৰ পিছতে চ'ছেং ধেন্টা সমষ্টিৰ প্ৰাৰ্থী কাচে ৰংপিপীৰ সমৰ্থনত ৰংবংৱেস্থিত খা ইংতি খেলপথাৰত অনুষ্ঠিত হোৱা আন এখন নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰি প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
তেওঁ কয়, ‘‘কাৰ্বি আংলঙত যিমান উন্নয়ন হৈছে সিমানখিনি উন্নয়ন অন্য ৰাজ্যত হোৱা নাই । কাৰ্বি আংলঙক আমি নতুন পৰ্যায়লৈ লৈ যাব লাগিব । বিজেপি অহাৰ পৰা কাৰ্বি আংলং জিলালৈ শান্তি আহিল’’ ৷ কাৰ্বি আংলঙৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে দহ কোটি টকা ব্যয় সাপেক্ষে ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰি এনে উন্নয়ন কাষৰীয়া অন্য জিলাতো হোৱা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।
পূৰ্বতে ৰংমংৱেৰ পৰা হাওৰাঘাট আৰু ডিফু লৈ যোৱাৰ বাবে স্থানীয় লোকে ভোগ কৰি অহা সমস্যা দূৰ কৰাৰ বাবে দিক্ৰু নদীৰ ওপৰত পকী দলং নিৰ্মাণ কৰি কৰকাণ্ঠি আৰু চ'ছেং ধেন্টা সমষ্টিক সংলগ্ন কৰি সমষ্টিটোৰ পৰা ডিফু আৰু হাওৰাঘাটলৈ যোৱা পথৰ দূৰত্ব ভালে খিনি হ্ৰাস কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । দেওপানী আৰু বৰডেকা নোৱাজানৰ মাজত এখন কাৰ্বিসকলৰ পৰম্পৰাগত প্ৰৱেশ তোৰণ নিৰ্মাণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰে ।