অসম

assam

ETV Bharat / state

General Election 2024: কাৰ্বি আংলঙক স্বায়ত্ত শাসিত ৰাজ্য প্ৰদানত বিলম্ব কিয় ? প্ৰশ্ন হিলচ পাৰ্টিৰ - Autonomous State Demand Committee

ডিফুত চি পি আই(এম এল)ৰ গণ সমাৱেশ ৷ উপস্থিত থাকে বিহাৰৰ চি পি আই (এমএল)ৰ বিধায়ক বীৰেন্দ্ৰ প্ৰসাদ গুপ্তা ৷

General Election 2024
কাৰ্বি আংলঙক স্বায়ত্ত শাসিত ৰাজ্য প্ৰদানত বিলম্ব কিয় চৰকাৰৰ

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 10:33 PM IST

কাৰ্বি আংলঙক স্বায়ত্ত শাসিত ৰাজ্য প্ৰদানত বিলম্ব কিয় চৰকাৰৰ

ডিফু,16 অক্টোবৰ: দেশৰ সাধাৰণ নিৰ্বাচনক লৈ সকলোতে দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহৰ তৎপৰতা ৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙতো দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলৰ সক্ৰিয়তা ৷ জিলাখনত বিজেপি দলে পৰিষদৰ 26 টা সমষ্টিত বিজয়, ঐক্য, সমৃদ্ধি ৰেলী বাহিৰ কৰাৰ সমান্তৰালকৈ আঞ্চলিক ৰাজনৈতিক দলবোৰেও যোগদান সমাৱেশ আদি অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে ।

সোমবাৰে ডিফুত চি পি আই (এমএল) হিলছ পাৰ্টিৰ উদ্যোগত এখন গণ সমাৱেশ ডিফু ক্লাবত অনুষ্ঠিত হয় । এই গণ সমাৱেশত চি পি আই (এমএল) দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথ্য বিহাৰৰ বিধায়ক বীৰেন্দ্ৰ প্ৰসাদ গুপ্তা, সৰ্বভাৰতীয় ছাত্ৰ সংগঠন আইছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নীলাশীৰ্য বসু, চি পি আই (এমএল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাস, হিলচ পাৰ্টিৰ সম্পাদক ৰবী কুমাৰ ফাংচ, কেন্দ্ৰীয় সমিতিৰ সদস্য প্ৰতিমা ইংহিপীকে ধৰি ভাতৃ সংগঠনসমূহৰ সদস্যসমূহ উপস্থিত থাকে ।

আনহাতে আজি চি পি আই(এমএল)ৰ তৰফৰপৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ ডিফু ক্লাবৰ পৰা ডিফু বজাৰৰ মাজেৰে বাহিৰ কৰা প্ৰতিবাদী সমদলত বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

ইফালে হিলচ পাৰ্টি কমিটিৰ সম্পাদক ৰবী কুমাৰ ফাংচ'ৱে সংবাদ মাধ্যমৰ আগত কয় যে, বিজেপি নেতৃত্বাধীন পৰিষদত এতিয়া সীমাহীন দুৰ্নীতি হৈছে । ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে । মুখ্যমন্ত্ৰীৰ পত্নীক কাজিৰঙাৰ সমীপত এহেজাৰ বিঘা ভূমি হস্তান্তৰৰ তীব্ৰ বিৰোধিতা কৰি কাৰ্বি আংলঙৰ ভূমি অ-জনজাতীয় লোকক হস্তান্তৰ কৰাৰ অধিকাৰ নাই আৰু ইয়াৰ সঠিক তদন্ত কৰিব লাগে বুলি দাবী কৰে ফাংচ'ৱে ।

‘‘244(ক) অধীনত এখন স্বায়ত্ত শাসিত ৰাজ্য সকলো ৰাজনৈতিক দলে সমৰ্থন কৰে বুলি মেলে-মিটিঙে ৰাজহুৱাকৈ কৈ ফুৰে ৷ কিন্তু এই ক্ষেত্ৰত সকলো দলৰে যদি একমত তেনেহলে এখন স্বায়ত্ত শাসিত ৰাজ্য প্ৰদানত বিলম্ব কিয় চৰকাৰৰ !’’ এই দৰে ফাংচ'ৱে প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক:Illegal Burmese Supari seized : বোকাজানৰ খটখটিত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি

ABOUT THE AUTHOR

...view details