ডিফু, ৫ জুন: বিগত দিন ধৰি ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে (Mission against Drugs in Assam)৷ কিন্তু আৰক্ষীকো কেৰেপ নকৰি একাংশই এতিয়াও অব্যাহত ৰাখিছে নিচাযুক্ত সামগ্ৰীৰ মাৰাত্মক বেহা ৷ যদিও ড্ৰাগছ সৰবৰাহকাৰীয়ে নিজৰ কু-অভিপ্ৰায়েৰে নিতৌ ন ন কৌশল অৱলম্বন কৰিও আৰক্ষীৰ শেন চকুৰ পৰা ৰক্ষা পোৱা নাই (Assam police raid against drugs) ৷ বিভিন্ন সময়ত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিছে ৷
ইয়াৰে মাজতে সোমবাৰে বিয়লি প্ৰায় ২ বজাত এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ বৰপথাৰ থানা এলেকাৰ ২ নম্বৰ নামবৰ চাহ বাগানৰ দলঙৰ কাষত এক বিশেষ নাকা তালাচীত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় (Heroine seized in Karbi Anglong)৷ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপেন বৰুৱা আৰু তেওঁৰ দলৰ লগতে চি আৰ পি এফৰ চি 20 বেটেলিয়নৰ সহযোগত চলিছিল এই বিশেষ নাকা তালাচীৰ অভিযান (One peddler detained) ৷