অসম

assam

ETV Bharat / state

Drugs Seized: লাহৰিজানত প্ৰায় 8 কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন জব্দ

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা আৰক্ষীয়ে নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰে এক বৃহৎ সফলতা ৷ মাজ নিশা ডিলাই খটখটী অ'চি, থানা ষ্টাফ আৰু চি ২০ চিআৰপি এফৰ সহযোগত পুৰণা লাহৰিজানত এক তালাচী চকী স্থাপন কৰা হয় ৷ এই তালাচীত NL-01-AE-4382 নম্বৰৰ ট্ৰাক এখনৰ পৰা অভিযানকাৰী দলটোৱে জব্দ কৰে বহু পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন ৷ বাহনখনৰ তিৰপালৰ তলত লুকুৱাই অনা অৱস্থাত 116 টা চাবোনৰ বাকচত উদ্ধাৰ হয় 1.3 কিলোগ্ৰাম সন্দেহযুক্ত হেৰ'ইন (Heroin worth Rs 8 crore seized in Karbi Anglong) ৷

By

Published : Apr 22, 2023, 12:51 PM IST

Drugs Seized in Karbi Anglong
আঠ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন জব্দ

সন্দেহযুক্ত হেৰ'ইন জব্দ

ডিফু, 22 এপ্ৰিল: ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত আছে যদিও তাৰ মাজতে সৰবৰাহকাৰীয়ে বিভিন্ন কৌশলেৰে অব্যাহত ৰাখিছে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও বন্ধ হোৱা নাই মাৰাত্মক ড্ৰাগছৰ প্ৰচলন আৰু সৰবৰাহ (Assam Police Anti Drug Mission) ৷

অসম-নাগালেণ্ড সীমান্তত পুনৰ উদ্ধাৰ হৈছে বৰবিহ সদৃশ সন্দেহযুক্ত হেৰ'ইন ৷ ড্ৰাগছ,গাঞ্জা, নিচাজাতীয় টেবলেট আদিকে ধৰি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বোকাজান আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে ৷ ন-ন কৌশলেৰে সৰবৰাহকাৰীয়ে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বিশেষকৈ অসম-নাগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান, খটখটী, বৰপথাৰ খাকৰাজান, ডিলাই আদিত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ কৌশলক তৎপৰতাৰে ব্যৰ্থ কৰিছে বোকাজান আৰক্ষীয়ে (Heroin worth Rs 8 crore seized in Karbi Anglong) ৷

নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীয়ে কাৰ্বি আংলঙৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথক নিৰাপদ কৰিডৰ হিচাবে ব্যৱহাৰ কৰি আহিছে যদিও সীমান্ত অঞ্চলত বোকাজান মহকুমা আৰক্ষীৰ তীক্ষ্ণ নজৰৰ পৰা হাত হাৰি যাব পৰা নাই এনে সৰবৰাহকাৰী (Karbi Anglong police seized heroin) ৷

শুকুৰবাৰে পুনৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা আৰক্ষীয়ে নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰে এক বৃহৎ সফলতা ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানত এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত শুকুৰবাৰে মাজ নিশা ডিলাই খটখটী অ'চি, থানা ষ্টাফ আৰু চি ২০ চিআৰপি এফৰ সহযোগত পুৰণা লাহৰিজানত এক চকী তালাচী স্থাপন কৰা হয় ৷ এই তালাচীত NL-01-AE-4382 নম্বৰৰ ট্ৰাক এখনৰ পৰা অভিযানকাৰী দলটোৱে জব্দ কৰে বহু পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন (Drugs Seized in Laharijan) ৷

বাহনখনৰ তিৰপালৰ তলত লুকুৱাই অনা অৱস্থাত 116 টা চাবোনৰ বাকচত উদ্ধাৰ হয় 1.3 কিলোগ্ৰাম সন্দেহক্ত হেৰ'ইন ৷ আৰক্ষীয়ে এই সন্দৰ্ভত নগাঁৱৰ আইজুল হক আৰু মৰিগাঁওৰ দিলদাৰ হুছেইন নামৰ সৰবৰাহকাৰী দুটাক আটক কৰিবলৈ সক্ষম হৈছে ৷ জব্দকৃত সন্দেহযুক্ত হেৰ'ইখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় 8 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে ৷ হেৰ'ইনখিনি মণিপুৰৰ পৰা অনা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Timber seized: বহিঃৰাজ্যৰ পৰা অবৈধভাৱে সৰবৰাহ হৈছে মূল্যবান কাঠ; নিৰ্বিকাৰ বন বিভাগ

ABOUT THE AUTHOR

...view details