অসম

assam

By

Published : May 9, 2022, 11:55 AM IST

ETV Bharat / state

ডিলাইত ১৫ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন জব্দ: আটক 2

অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিছে এটাৰ পাছত আন এটা সফলতা ৷ এইবাৰ আৰক্ষীয়ে কাৰ্বি আংলঙৰ ডিলাইত অভিযান চলাই লাভ কৰে বৃহৎ সফলতা(Karbi Anglong police seized heroin) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি শুভেচ্ছা জনায় অসম আৰক্ষীক ৷

Heroin worth Rs 15 crore seized in Karbi Anglong
ডিলাইত ১৫ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন জব্দ

ডিফু, ৯ মে':অসম-নাগালেণ্ড সীমান্ত(Assam Nagaland Border)ৰ কাৰ্বি আংলং জিলাৰ ডিলাইত দেওবাৰে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সফলতা ৷ কাৰ্বি আংলঙৰ ডিলাইত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১৫ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়(Heroin worth Rs 15 crore seized in Karbi Anglong) ৷ আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত দুই মণিপুৰী সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় ৷

বোকাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্মৰ নেতৃত্বত খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰা, ডিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লুটফুৰ ৰহমান, উপ-পৰিদৰ্শক বিপ্লৱ দাস আৰু ২০ বি এন চিআৰপিএফৰ সহকাৰী কামাণ্ডেণ্ট ৰবি গিলে চিআৰপিএফৰ এটা দলৰ সহযোগত চলাইছিল এই অভিযান ৷ দলটোৱে ডিলাই থানা অন্তৰ্গত ১২ মাইলত নাকা তালাচী চলায় ৷

আৰক্ষী বিষয়া

উক্ত নাকা তালাচী কালত দলটোৱে এখন ক'লা ৰঙৰ মেটেলিক পাৰ্ল চিয়েজ গাড়ীৰ পৰা প্ৰায় ১৫২ টা চাবোনৰ বাকচত কঢ়িয়াই অনা প্ৰায় ২ কেজি ওজনৰ সন্দেহযুক্ত হেৰ’ইনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযানকাৰী দলটোৱে হেৰ’ইনখিনি সৰবৰাহৰ লগত জড়িত থকাৰ সন্দেহত গাড়ীখনত থকা দুজনক আটক কৰে ৷

আটকাধীন দুটা ক্ৰমে মণিৰুৰ সেনাপতিৰ লানাহমেই ফাউছী ষ্টিফেনৰ পুত্ৰ লাহনামেই ষ্টিফেন থাঙাও(২৮) আৰু মণিপুৰ তাডুবি থানা এলেকাৰ এইছ ডেভিডৰ পুত্ৰ ৱেইফু প্ৰ' ওৰফে ৰকু বেইপু(২৫) বুলি জানিব পৰা গৈছে ৷ কাৰ্বি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ উপস্থিতিত সন্দেহযুক্ত হেৰ’ইনখিনি জব্দ কৰা হয় বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই সাফল্যৰ বাবে অসম আৰক্ষীক শুভেচ্ছা জনায় ৷

লগতে পঢ়ক :24 ঘন্টাত জামুগুৰিহাটত আটক 7 নকল সোণৰ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details