ডিফু,২৬ ডিচেম্বৰ : অনাবৃষ্টি, খৰাং, শীতৰ আগমনকে ধৰি সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিয়েও নিজৰ ৰূপ সলাইছে । ইয়াৰ মাজতে শনিবাৰে নিশা কাৰ্বি আংলং জিলাত প্ৰকৃতিৰ অন্য এক ৰূপ দেখিবলৈ পোৱা গ'ল । বকলীয়াঘাটকে ধৰি ৰজা পথাৰ আদি অঞ্চলত নিশা প্ৰচণ্ড শিলাবৃষ্টি হোৱা দেখা যায় (Heavy hailstorm at Bakliaghat)।
নিশা প্ৰায় ৯ মান বজাৰ পৰা ২০ মিনিট ধৰি শিল বৰষুণ হোৱা দেখা যায় অঞ্চলটোত । যাৰ ফলত বৰফৰ দেশত পৰিণত হয় সমগ্ৰ বকলীয়াঘাট, ৰজা পথাৰ অঞ্চল (Snow cover at Bakliaghat after hailstorm)। দেওবাৰ পৰ্যন্ত বৰফৰ টুকুৰাবোৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা দেখা যায় ।