অসম

assam

ETV Bharat / state

ডিফুত বিভিন্ন দল-সংগঠনৰ মতামত গ্ৰহণ ৬ নং দফা কাৰ্যকৰী সমিতিৰ - স্বায়ত্ত শাসিত ৰাজ্য

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ ক্ষেত্ৰত জনজাতীয় লোকৰ কোনো মতামত নাই যদিও, এই দফা ৰূপায়ণ কৰোতে ষষ্ঠ অনুসূচী এলেকাভুক্ত পাৰ্বত্য জিলা তিনিখনৰ ভূমি পুত্ৰ সকলৰ সংবিধান প্ৰদত্ত অধিকাৰ বা সুবিধা সমূহ বিপদাপন্ন হ'ব নালাগে ৷

৬ নং দফা কাৰ্যকৰী সমিতি
৬ নং দফা কাৰ্যকৰী সমিতি

By

Published : Jan 4, 2020, 2:23 PM IST

ডিফু, 4 জানুৱাৰী:অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে গঠিত উচ্চস্তৰীয় সমিতিখনে শুকুৰবাৰে ডিফুত, কাৰ্বি আংলং জিলাৰ ৰাজনৈতিক দল, সামাজিক দল-সংগঠন, ছাত্ৰ সংগঠন আদিৰ সৈতে অনুষ্ঠিত মত গ্ৰহণ অনুষ্ঠানত 6 নং দফা সম্পৰ্কত ভিন্ন মত প্ৰদান কৰে ৷ মতামতৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত দল- সংগঠনৰ নেতৃ বৰ্গই জানিবলৈ দিয়ে যে, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকৰ কোনোধৰণৰ দ্বিমত নাই আৰু এই দফা সঠিকভাৱে ৰূপায়ণতো সম্পূৰ্ণ পক্ষপাতী ৷ কিন্তু এই দফা ৰূপায়ণ কৰোতে ষষ্ঠ অনুসূচী এলেকাভুক্ত পাৰ্বত্য জিলা তিনিখনৰ ভূমি পুত্ৰ সকলৰ সংবিধান প্ৰদত্ত অধিকাৰ বা সুবিধা সমূহ বিপদাপন্ন হ'ব নালাগে ৷

৬ নং দফা কাৰ্যকৰী সমিতিৰ মতামত গ্ৰহণ অনুষ্ঠান

দল-সংগঠন সমূহৰ জনজাতীয় নেতৃত্বই নিজকে অসমীয়াৰ পৰিৱৰ্তে নিজকে অসমবাসী বুলিহে পৰিচয় দিবলৈ আগ্ৰহী বুলি মন্তব্য কৰে ৷ লগতে কয় যে, পাৰ্বত্য জিলা তিনিখনৰ প্ৰতিটো জনগোষ্ঠীৰ নিজা সুকীয়া ভাষা-সংস্কৃতি আছে, সেয়ে তেওঁলোকে নিজক জাতীয় পৰিচয় দিবলৈহে অধিক ভাল পাব ৷ তেওঁলোকৰ মতে, যি সময়ত অন্যতম বৃহৎ ভাষা হিচাপে স্বীকৃত অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতিয়েই ভাবুকি নামি আহিছে আৰু ইয়াক সুৰক্ষিত কৰাৰ বাবে ৰক্ষা কৱচ হিচাপে অসম চুক্তিৰ ৬ নং দফাক কাৰ্যকৰী কৰিব বিচৰা হৈছে, তেনে সময়ত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীয় ভাষা কিমান বিপদাপন্ন সেই কথা সহজে অনুমেয় ৷ গতিকে অসমৰ পাৰ্বত্য ভূমিৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ জাতীয় স্বকীয়তা বজাই ৰাখিবলৈ হ'লে সংবিধান প্ৰদত্ত ২৪৪(ক) অনুচ্ছেদৰ আধাৰত তিনিখন পাহাৰীয়া জিলা ক্ৰমে পূব আৰু পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওক সাঙুৰি অসমৰ ভিতৰত এখন স্বায়ত্ত শাসিত ৰাজ্য গঠন কৰিলেহে ইয়াৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি জীয়াই থাকিব ৷

লগতে পঢ়ক:"কা" বিৰোধী আন্দোলনকাৰীক হত্যাৰে দমন কৰাৰ চেষ্টা: গোলাঘাট জিলা ছাত্ৰ সন্থা

ABOUT THE AUTHOR

...view details