ডিফু, 1 আগষ্ট : বছৰৰ পিছত বছৰ ধৰি এটা সুচল পথৰ বাবে আহ্বান চৰকাৰক ৷ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অৱশেষত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ল বোকাজান মহকুমাৰ ছখনকৈ গাঁৱৰ ৰাইজ । স্থানীয় লোক সকলে দাবী কৰা অনুসৰি বোকাজান মহকুমাৰ সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দুহেজাৰৰো অধিক জনবসতিপূৰ্ণ চেছং বে', লাইচান গাঁও, মহৰি টকবি গাঁও, চিকাৰী বে' গাঁও, চিনি টেৰণ গাঁও আৰু হেমছিং হাঞ্চে আদি গাঁও সমূহ স্থাপন হোৱা শতবৰ্ষ অতিক্ৰম কৰিছে যদিও এলেকাটোৰ উন্নয়নৰ বাবে চৰকাৰে আজি পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা নাই ।
39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোজিত হৈ থকা উক্ত গাঁওসমূহলৈ আহ-যাহ কৰা পথছোৱা নিৰ্মাণৰ বাবে স্থানীয় গাঁওবাসীয়ে বহু আবেদন নিবেদন কৰি অহাৰ পিছতো এনে আবেদনক কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ আনহাতে এলেকাটোৰ পথছোৱাৰ মাজত থকা লাইচান নামৰ জানটোৰ ওপৰত কোনো দলং নিৰ্মাণৰ ব্যৱস্থা নকৰাৰ ফলতো ৰাইজে বিপদ সংকুল ভাৱে উক্ত পথেৰে যাতায়ত কৰিবলগীয়া হৈ আহিছে ।