গুৱাহাটী, 212 অক্টোবৰ : ধীৰেনপাৰা ডকাইতি কাণ্ডৰ লগত জড়িত আৰু 2 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে এই কথা সদৰী কৰিছে পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ DCP নৱনীত মহন্তই ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি নৱনীত মহন্তই কয়, বাক্সাৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰা হৈছে ।
তেওঁলোক ক্ৰমে, অমৰজ্যোতি শৰণীয়া আৰু জমিন বড়ো ৷
এই দুয়োগৰাকী NDFB ৰ প্ৰাক্তন কেডাৰ আছিল । তদুপৰি বহু অপৰাধৰ লগত জড়িত আছিল অমৰজ্যোতি শৰণীয়া আৰু জমিন বড়ো ৷ ইফালে আৰক্ষীৰ জেৰাত ধৃত অমৰজ্যোতিয়ে লিটন মজুমদাৰক গুলিওৱা বুলি স্বীকাৰোক্তি দিছে ।