অসম

assam

ETV Bharat / state

মহিলা সবলীকৰণৰ উদ্দেশ্যে ৰাজ্যত বিশেষ পদক্ষেপ - ছেটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেড

ইতিমধ্যে দেশৰ লগতে অসমৰ প্ৰায় ৩ লাখ মহিলা ইয়াৰ দ্বাৰা লাভান্বিত হৈছে বুলিও সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে । ইফালে এই প্ৰতিষ্ঠানটোৱে শৌচাগাৰ নিৰ্মাণ,পানী যোগান,চাইকেল ক্ৰয় আদি বিভিন্ন শিতানত ঋণ প্ৰদান কৰি গাঁৱলীয়া লোকসকলক সহায় কৰে। তাৰোপৰি বিজুলীৰ সমস্যাৰে জৰ্জৰিত অঞ্চলত চোলাৰ লাইটৰ ব্যৱস্থা কৰা পদক্ষেপ হাতত লোৱা কথাও উল্লেখ কৰে প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালকগৰাকীয়ে।

মহিলা সবলীকৰণ

By

Published : Jul 12, 2019, 9:22 PM IST

নিউজ ডেস্ক,12 জুলাইঃ মহিলা সবলীকৰণৰ উদ্দেশ্যে ছেটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেড নামৰ ক্ষুদ্ৰ ঋণ প্ৰতিষ্ঠানৰ বিশেষ পদক্ষেপ। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ মহিলাসকলক আগবঢ়াই নিব প্ৰতিষ্ঠানটোৱে। অতি কম সুতৰ হাৰত ঋণ প্ৰদান কৰিব ক্ষুদ্ৰ ঋণ প্ৰতিষ্ঠানটোৱে। শুকুৰবাৰে মহানগৰীৰ হোটেল গেটৱে গ্ৰেণ্ডত এক সংবাদমেল সম্বোধন কৰি এই কথা জনালে প্ৰতিষ্ঠানটোৰ পৰিচালক সঞ্চালক দেৱ বৰ্মাই। অসমৰ ভিতৰুৱা অঞ্চলৰ লোকসকলক ঋণ প্ৰদান কৰি স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা হাতত লৈছে ছেটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডে।

মহিলা সবলীকৰণ

ইতিমধ্যে দেশৰ লগতে অসমৰ প্ৰায় ৩ লাখ মহিলা ইয়াৰ দ্বাৰা লাভান্বিত হৈছে বুলিও সংবাদ মেলখনৰ জৰিয়তে জানিবলৈ দিয়ে। ইফালে এই প্ৰতিষ্ঠানটোৱে শৌচাগাৰ নিৰ্মাণ,পানী যোগান,চাইকেল ক্ৰয় আদি বিভিন্ন শিতানত ঋণ প্ৰদান কৰি গাঁৱলীয়া লোকসকলক সহায় কৰে। তাৰোপৰি বিজুলীৰ সমস্যাৰে জৰ্জৰিত অঞ্চলত চ'লাৰ লাইটৰ ব্যৱস্থা কৰা পদক্ষেপ হাতত লোৱা কথাও উল্লেখ কৰে প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালকগৰাকীয়ে।

আনহাতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত পিছপৰি ৰোৱা নাই পাহাৰীয়া অঞ্চলসমূহ ৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মহিলা সকলৰ সমঅধিকাৰ আৰু সুৰক্ষাৰ বাবে ভূমিষ্ঠ হ'ল এটা মহিলা সংগঠন ৷ শুকুৰবাৰে দুপৰীয়া ডিফুস্থিত জিলা প্ৰেছ ক্লাবৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলৰ জৰিয়তে এই কথা সদৰি কৰে নৱগঠিত সংগঠনটোৰ সদস্য সকলে ৷ সাংবাদিকৰ আগত সদৰি কৰা অনুসৰি চলিত মাহৰ ৭ জুলাইত ডিফুৰ পিএইছ ই আই বিত অনুষ্ঠিত এক সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে মেলিন ইংতিপীক সভানেত্ৰী আৰু ইণ্ডিকা ওৱাৰীক সাধাৰণ সম্পাদিকা হিচাপে লৈ ইউনাইটেড কাৰ্বি আংলং ৱমেন এছ'চিয়েছন নামৰ ৩৫ জনীয়া শক্তিশালী জিলা সমিতি গঠন কৰা হয় ৷

সংগঠনটোৰ উদ্দেশ্য হৈছে ঐক্য শান্তি,আৰু সম অধিকাৰ ৷ পাহাৰীয়া জিলাখনত বৃদ্ধি পাই অহা মহিলা নিৰ্যাতন,ধৰ্ষণ,মহিলা সৰবৰাহ আৰু নাৰীজনিত অপৰাধ আদিৰ ক্ষেত্ৰত সংগঠনটোৱে গণতান্ত্ৰিকভাৱে অহৰহ সংগ্ৰাম কৰি মহিলা সকলৰ নিৰাপত্তা,সুৰক্ষা আৰু সম অধিকাৰ অনাৰ চেষ্টা কৰি যাব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে নৱগঠিত সংগঠনটোৰ নেতৃবৰ্গই ৷

ABOUT THE AUTHOR

...view details