অসম

assam

ETV Bharat / state

বোকাজনাত গুজৰাট আৰু থলুৱা লোক সংস্কৃতি বিনিময়ৰ বৰ্ণাঢ্য কাৰ্যসূচী - Gujarat and indigenous folk culture exchange spelt

বোকাজান নগৰৰ চাৰি নং ৱার্ডত থকা বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা হৈছে গুজৰাট আৰু থলুৱা লোক সংস্কৃতি বিনিময়ৰ বৰ্ণাঢ্য কাৰ্যসূচী ৷ এই অনুষ্ঠানৰ জৰিয়তে অসমৰ বিহুনৃত্যকে ধৰি কাৰ্বি, বড়ো, আদিবাসী, গাৰো আদি সকলো জাতি জনগোষ্ঠীৰে লোক সংস্কৃতিসমূহ প্ৰদর্শন কৰাৰ ব্যৱস্থা কৰা হ'ব ৷

gujarat-and-indigenous-folk-culture-exchange-spelt-out-in-bokajan
বোকাজনাত গুজৰাট আৰু থলুৱা লোক সংস্কৃতি বিনিময়ৰ বৰ্ণাঢ্য কাৰ্যসূচী

By

Published : Oct 7, 2021, 10:34 PM IST

ডিফু, 7 অক্টোবৰ : অসম আৰু গুজৰাটৰ লোকসকলৰ মাজত থলুৱা লোক সংস্কৃতিৰ বিনিময়ৰ কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে পৰা বোকাজান নগৰৰ চাৰি নং ৱার্ডত থকা বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা হৈছে এক বিশেষ অনুষ্ঠান ৷ বৃহস্পতিবাৰে পুৱা বোকাজান নগৰত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিদর্শন বাংলোত বোকাজানৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে এক সংবাদমেলৰ আয়োজন কৰি এই কথা প্ৰকাশ কৰে ৷

বোকাজনাত গুজৰাট আৰু থলুৱা লোক সংস্কৃতি বিনিময়ৰ বৰ্ণাঢ্য কাৰ্যসূচী

উপাধ্যক্ষ গৰাকীয়ে সংবাদমেলত উল্লেখ কৰা অনুসৰি, এই অনুষ্ঠানৰ জৰিয়তে অসমৰ বিহুনৃত্যকে ধৰি কাৰ্বি, বড়ো, আদিবাসী, গাৰো আদি সকলো জাতি জনগোষ্ঠীৰে লোক সংস্কৃতিসমূহ প্ৰদর্শন কৰাৰ ব্যৱস্থা কৰা হ'ব ৷ ঠিক সেইদৰে গুজৰাটৰ পৰা আহি ইতিমধ্যে অসমত উপস্থিত হোৱা কুৰিজনীয়া শিল্পীৰ দলটোৱে শুজৰাটৰ লোক-সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান পৰিবেশন কৰিব বুলি জানিব পৰা গৈছে ৷

আনহাতে, বহিঃৰাজ্যৰ শিল্পীৰ দলে উক্ত অনুষ্ঠানত বিহুনৃত্য প্ৰদর্শন কৰাৰ লগতে গুজৰাটৰ পৰা অহা শিল্পীৰ দলটোৱে অসমৰ শিল্পীসকলে ব্যৱহাৰ কৰিব পৰাকৈ 'দাণ্ডিয়া নৃত্যৰ যথেষ্টখিনি সজুলি লগত লৈ অহা বুলি জানিবলৈ দিয়ে ৷

এই সাংস্কৃতিক বিনিময় অনুষ্ঠানত শুকুৰবাৰে ভাৰত চৰকাৰৰ যোগাযোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী দেবুছিং জেছিংভাই চৌহান মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷ লগতে অনুষ্ঠানটোত গুজৰাটৰ সাংসদ দীপছিং শংকবছিং ৰাথোড় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৷

লগতে পঢ়কঃড৹ কেশৱ মহন্ত আৰু ড৹ চন্দ্ৰমোহন পাটোৱাৰীক চিনি পায়নে ?

ABOUT THE AUTHOR

...view details