ডিফু, ২২ জানুৱাৰী : আকৌ বনভোজৰ বতৰত ঘটিল অঘটন ৷ দেওবাৰে মৰিগাঁৱৰ পৰা বনভোজ খাবলৈ অহা এটা বনভোজকাৰী দলৰ এজন নিহত হোৱাৰ লগতে আহত হ’ল 14 গৰাকী বনভোজ যাত্ৰী (Picnic party accident in Karbi Anglong)৷ মাঞ্জাৰ সমীপৰ মায়াবী প্ৰকৃতিৰ মাজৰ লাংভকু জলপ্ৰপাতৰ(Langvoku Waterfall) মনোৰম পৰিৱেশ উপভোগ কৰিবলৈ মাত্ৰ পাঁচ মিনিট সময় বাকী থকাৰ সময়ত সংঘটিত হ’ল শোকাবহ পথ দুৰ্ঘটনাটো ৷
অসম চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰিবলে পথ সুৰক্ষা অভিযান অভিযান অব্যাহত ৰখাৰ লগতে যান-বাহন সংক্ৰান্তীয় কঠোৰ আইন প্ৰণয়ণ কৰাৰ পিচতো ৰাজ্যত সংঘটিত হৈ আছে ইটোৰ পিচত সিটো শোকাৱহ পথ দুৰ্ঘটনা ৷ বিশেষকৈ বনভোজৰ বতৰত অবাঞ্ছিত দুৰ্ঘটনাসমূহ ৰোধ কৰিবলৈ যান-বাহন চালকসকলৰ বাবে জিলা পৰিবহন বিভাগ আৰু পথ সুৰক্ষা সমিতিয়ে বান্ধি দিছে কেতবোৰ নিয়ম ৷ তাৰ মাজতে দেওবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাঞ্জাৰ সমীপৰ লাংভকু বনভোজ থলীৰ ওচৰত সংঘটিত ভয়াবহ দুৰ্ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷
প্ৰাপ্ত খবৰ অনুসৰি, মৰিগাওঁ জিলাৰ পৰা মাঞ্জাৰ লাংভকুত বনভোজ খাবলৈ অহা ১৫ জনীয়া দল কঢ়িয়াই অনা AS 21 C 1376 উইংগাৰ বাহনখন দুৰ্ঘটনাগ্ৰস্থ হৈছে ৷ দুৰ্ঘটনাৰ পিচত বাহনখন মূল ৰাস্তাৰ পৰা বাগৰি দ' খাৱৈত পৰি যায় ৷ ফলত বনভোজ খাবলৈ অহা দলটোক মাঞ্জাৰ পৰা গাইড কৰি নিয়া ৰাকেশ ক্ৰ' নামৰ এজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে আন ১৪ জন লোক কম-বেছি পৰিমানে আহত হয় (Road accident in Karbi Anglong)৷