ডিফু, ৩ অক্টোবৰঃ দুৰ্গা পূজাৰ প্ৰাক ক্ষণত কাৰ্বি-আংলঙৰ মাঞ্জা বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তৰ গ্ৰেণেড নিক্ষেপ ৷ বৃহস্পতিবাৰে সন্ধিয়া 6-15 বজাত মাঞ্জা বজাৰৰ ব্যৱসায়ী সুজিত গুপ্তাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি নিক্ষেপ কৰে গ্ৰেণেডটো ৷ অৱশ্যে গ্ৰেণেডটো বিস্ফোৰিত নোহোৱাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে উপস্থিত ৰাইজ ৷ আনহাতে, ঘটনা সংঘটিত হোৱাৰ পাচতে আৰক্ষী আৰু নিৰাপত্তা ৰক্ষীৰলোক ঘটনাস্থলীত উপস্থিত হৈ গ্ৰেণেডটো উদ্ধাৰ কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখে ৷ তাৰোপৰি ঘটনাস্থলীত জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া সমূহ উপস্থিত হৈ গ্ৰেণেডটো ঢাকি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷
ডিফুত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ্ৰেণেড নিক্ষেপ - সুজিত গুপ্তা
বৃহস্পতিবাৰে সন্ধিয়া 6-15 বজাত মাঞ্জা বজাৰৰ ব্যৱসায়ী সুজিত গুপ্তাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি নিক্ষেপ কৰে গ্ৰেণেড ৷ গ্ৰেণেডটো বিস্ফোৰিত নোহোৱাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে উপস্থিত ৰাইজ ৷
ডিফুত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ্ৰেণেড নিক্ষেপ
উল্লেখ্য যে, পূজা উপলক্ষে নিৰাপত্তা ৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাচতো এনেদৰে কোনো অজ্ঞাত লোকে গ্ৰেণেড নিক্ষেপ কৰা কাৰ্যই শংকিত কৰি তুলিছে অঞ্চলবাসীক ৷