অসম

assam

ETV Bharat / state

চকীদাৰৰ পদৰ বাবে বিচৰা হৈছে স্নাতক ডিগ্ৰী

এটা নৈশ চকীদাৰৰ পদৰ বাবে বিচৰা হৈছে স্নাতক ডিগ্ৰীৰ অৰ্হতা ৷ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ একাংশ সদস্যৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ

By

Published : Aug 8, 2019, 3:51 AM IST

চকীদাৰৰ পদৰ বাবে বিচৰা হৈছে স্নাতক ডিগ্ৰী

চকীদাৰৰ পদৰ বাবে বিচৰা হৈছে স্নাতক ডিগ্ৰী

কাৰ্বি আংলং, 8 আগষ্ট : কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ একাংশ সদস্যৰ বিৰুদ্ধে মইমতালিৰে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ ৷ এটা নৈশ চকীদাৰৰ পদৰ বাবে বিচৰা হৈছে স্নাতক ডিগ্ৰীৰ অৰ্হতা ৷ ইয়াকে লৈ এক নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ সদস্য প্ৰভাত চন্দ্ৰ তাৰ'ৰ বিৰুদ্ধে অভিযোগ ৰাতুল শৰ্মা নামৰ এজন যুৱকৰ ৷ ৰাতুল শৰ্মা নামৰ এই যুৱকজনৰ পিতৃ ৰতন কুমাৰ শৰ্মা চিনানী ধৰ্মেশ্বৰ ইংলেঙ মেম'ৰিয়েল মধ্য ইংৰাজী বিদ্যালয়ত নৈশ‍ চকীদাৰ হিচাপে কৰ্মৰত আছিল ৷ 2016 বৰ্ষত ৰতন কুমাৰ শৰ্মাৰ আকস্মিক মৃত্যু হোৱাত পুত্ৰ ৰাতুল শৰ্মাই পিতৃৰ স্থানত চাকৰিৰ বাবে এক আবেদন জনায় । ইতিমধ্যে, উক্ত আবেদনকাৰীক নিযুক্তি দিবলৈ স্থানীয় বিধায়ক মানছিং ৰংপিৰ লগতে কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অনুমতি প্ৰদান কৰিছে ৷ কিন্তু সেই পদত নিযুক্তি দিয়াত এক নং দুৱাৰ আমলা পৰিষদৰ সদস্য প্ৰভাত চন্দ্ৰ তায়ে বাধা দিয়াৰ অভিযোগ ৷ যুৱকজনক আজিকোপতি স্থায়ী প্ৰমাণ পত্ৰ প্ৰদান নকৰাৰ লগতে নৈশ চকীদাৰ পদৰ বাবে বি এ পাছ কৰা অৰ্হতা থাকিব লাগিব বুলি কোৱাত দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে পাবলগীয়া চাকৰিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে ৷

ABOUT THE AUTHOR

...view details