ডিফু , 28 অক্টোবৰঃ যোৱা কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ বাবে পাহাৰৰ পৰা আচম্বিতে ঢল নামি আহি ক্ষতি সাধন কৰিছে কাৰ্বি আংলং জিলাৰ ডিফুৰ বিস্তৃৰ্ণ অঞ্চলৰ লগতে হৰিলাল বস্তি আৰু ৰংনিহান বস্তিত ৷ কিন্তু বিভিন্ন ঠাইত আশ্ৰয় শিৱিৰৰ লগতে চৰকাৰ আৰু প্ৰশাসনৰ কম বেছি পৰিমানে সহায় সহযোগ দেখা গ'লেও চৰকাৰ তথা প্ৰশাসনৰ বান সাহাৰ্যই ঢুকি নাপালে ডিফুৰ হৰিলাল বস্তি আৰু ৰংনিহান বস্তিৰ বানাক্ৰান্ত এলেকাক ৷
বান সাহাৰ্যই ঢুকি নাপালে ডিফুৰ হৰিলাল আৰু ৰংনিহান বস্তিক - diphu flood
চৰকাৰ তথা প্ৰশাসনৰ বান সাহাৰ্যই ঢুকি নাপালে আকষ্মিক বানৰ কৱলত পৰা ডিফুৰ হৰিলাল আৰু ৰংনিহান বস্তিক ৷ ৰাইজে নিজাববীয়াকৈ গ্ৰহণ কৰিছে ব্যৱস্থা ৷
নেৰা নেপেৰা বৰষুণৰ বাবে আকষ্মিক বানৰ কৱলত ডিফু
আনহাতে হৰিলাল বস্তি আৰু ৰংনিহান বস্তিৰ একমাত্ৰ যাতায়তৰ সম্বল বাঁহৰ দলং দুখন বানত ছিগি যোৱাত সম্পূৰ্ণৰূপে অঞ্চল দুটালৈ সম্পূৰ্ণ যোগাযোগ বিছিন্ন হৈ পৰিছে ৷ ৩ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰৰ পৰা আৰু আৰম্ভ কৰি সংখ্যালঘু সকলৰ পদবীত থকা ব্যক্তি সকলেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে নিজাববীয়াকৈ পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিছে ৷ একাংশ ৰাইজৰ নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ লগতে মূল্যৱান নথিপত্ৰও নষ্ট হৈছে অকষ্মিক বানপানীত ৷
লগতে পঢ়তঃ তিহাৰ উৎসৱকলৈ উখল মাখল ওদালগুৰি