ডিফু, ৮ জুন :কাৰ্বি আংলঙৰ অস্ত্ৰ বিৰত উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তিৰ প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত উপনীত হোৱাৰ লগে লগে পাহাৰীয়া এলেকাটোত বসবাস কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠীয় লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জিলাখনৰ আদিবাসীসকলে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি জিলাখনৰ আদিবাসী লোকসকলৰ অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী কৰাৰ পিছতে গোৰ্খা সকলেও অনুৰূপ ধৰণে মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
অসম গোৰ্খা সন্মিলীনৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে কৃষ্ণ প্ৰসাদ শৰ্মা আৰু ৰাজু ভট্টৰায় স্বাক্ষৰিত স্মাৰক পত্ৰখনৰ জৰিয়তে জিলাখনৰ শান্তি আৰু উন্নয়ণৰ স্বাৰ্থত প্ৰস্তাৱিত শান্তি চুক্তিক আদৰণি জনায় ৷ লগতে সন্মিলনীয়ে স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি পাহাৰীয়া জিলাখনত স্বাধীনতাৰ পূৰ্বৰে পৰা গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে 'গ্ৰেজিং পাৰমিশ্যন' লৈ বসবাস কৰি আহিছে ৷ যাৰবাবে বৰদলৈ আয়োগৰ পৰামৰ্শ অনুসৰি অসম চৰকাৰে এক ৰাজপত্ৰিত অধিসূচনা যোগে গোৰ্খা সকলক পাৰ্বত্য জনজাতি, ভৈয়াম জনজাতি, চাহ জনজাতি সন্থা সকলৰ সৈতে সম মৰ্যাদাৰে প্ৰটেক্টেড ক্লাছৰ মৰ্যাদা প্ৰদান কৰিছিল ৷