মহিলা আত্মসহায়ক গোটক বাহন বিতৰণ ডিফু পৌৰ নিগমৰ - etv bharat assam
আত্ম সহায়ক গোট সমূহৰ জীৱন ধাৰণ পদ্ধতি উন্নত কৰাৰ বাবে ডিফু চহৰৰ বাচনি কৃত ১০ টা আত্ম সহায়ক গোটৰ মাজত ডিফুৰ নগৰ সমিতিৰ উদ্যোগত ১০ খন অট' ৰিক্সা, বস্তু আৰু সামগ্ৰী বাবে ৫ খন ট্ৰাইলাৰ আৰু ১০ খন ট্ৰিপাৰ ট্ৰাক বিতৰণ কৰা হৈছে বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত উল্লেখ কৰে

ডিফু, ৭ জুন:- মহিলা আত্মসহায়ক গোটলৈ ডিফু পৌৰনিগমৰ লঘু বাহন বিতৰণ ৷ ঘৰে ঘৰে জাবৰ সংগ্ৰহ কৰি ডিফু চহৰক স্বচ্ছ কৰি তোলাৰ মানসেৰে এই পদক্ষেপ গ্ৰহণ পৌৰনিগমৰ ৷ শুকুৰবাৰে এক অনুষ্ঠানত বাহন সমূহ বিতৰণ কৰে স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ আত্ম সহায়ক গোটৰ সদস্যসকলৰ জীৱন ধাৰণ পদ্ধতি উন্নত কৰাৰ বাবে ডিফু চহৰৰ বাচনি কৃত ১০ টা আত্ম সহায়ক গোটৰ মাজত ডিফুৰ নগৰ সমিতিৰ উদ্যোগত ১০ খন অট' ৰিক্সা, বস্তু আৰু সামগ্ৰী বাবে ৫ খন ট্ৰেইলাৰ আৰু ১০ খন ট্ৰিপাৰ ট্ৰাক বিতৰণ কৰা হৈছে বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷
আনহাতে, অনুষ্ঠানত উপস্থিত থাকে সাংসদ হৰেণছিং বে', পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংতি, প্ৰদীপ ৰংপি, ৰতন টেৰণ, অমৰছিং তিছ', কাছে ৰংপিপি, প্ৰদীপ ডিফুছা, মাধূৰ্য ঢেকিয়াল ফুকন, খনচিং ৰংপি, লুণচিং টেৰণ, কেইবাগৰাকী এমএচি, উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, ডিফু পৌৰনিগমৰ অধ্যক্ষ ৰাহ ক্ৰ' প্ৰমুখ্যে আন কেইবীগৰাকীও বিশিষ্ট ব্যক্তি ৷