ডিফু, ১ অক্টোবৰ: অসম আৰক্ষী দিৱসৰ পৱিত্ৰ ক্ষণৰ লগত সংগতি ৰাখি ৰাজ্যত অসম আৰক্ষীৰ কৰ্তব্য পৰায়ণতা আৰু দক্ষতাৰ ভিত্তিত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা পাঁচগৰাকীকৈ এপিএছ বিষয়াক সোণৰ প্ৰশস্তি পদক প্ৰদান কৰে ৷ উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন আৰক্ষী থানা আৰু চকীত কৰ্তব্যৰত ২৫৪ গৰাকী জোৱানকো ডিজিপিয়ে ৰূপৰ প্ৰশস্তি পদক প্ৰদান কৰে (Assam Police day 2022) ৷
ডিজিপি কাৰ্যালয়ে কাৰ্বি আংলঙৰ বোকাজান মহকুমাত মহকুমা আৰক্ষী বিষয়া হিচাপে কৰ্মৰত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসলৈও আগবঢ়াইছে ডিজিপি ৰূপৰ প্ৰশস্তি পদক(DGPs Commendation Medal)৷