ডিফু,5 জুন:আৰক্ষীৰ শেনচকু এতিয়া নিচাজাতীয় সামগ্ৰীৰ ওপৰত ৷ প্ৰত্যেক দিনা অসম আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ, গাঞ্জা তথা নিচাজাতীয় সামগ্ৰী ৷ শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ বোকাজানত ৰে’ল আৰক্ষী(RPF Bokajan) ৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা ৷
জানিব পৰা মতে, শুকুৰবাৰে দিনৰ প্ৰায় ১২.৩৫ বজাত উজনিমুৱা ৰঙিয়া-ডিব্ৰুগড় ৰে’লত ৰে’ল আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত এটা পৰিত্যক্ত বেগৰ পৰা তিনিটা পেকেটত প্ৰায় ৭.৫ কিল’গ্ৰাম গাঞ্জা উদ্ধাৰ(ganja seized) কৰিবলৈ সক্ষম হয় । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৩৫ হাজাৰ টকা ৷