ডিফু,13 মে': ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্রীসভাৰ প্ৰথমখন তালিকাত পার্বত্য জিলাকেইখনৰ পৰা এগৰাকীও বিধায়কক অন্তর্ভুক্ত নকৰাত ক্ষোভিত হৈছে স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷ এই প্রসংগক কেন্দ্ৰ কৰি জিলাকেইখনত প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে বুধবাৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পার্বত্য জিলাকেইখনৰ পৰা দুগৰাকী বিধায়কক মন্ত্ৰীত্ব প্ৰদানৰ দাবী উত্থাপন কৰে ৷
বুধবাৰে ডিফুৰ আৰ্বৰেটাম কাম ক্রাফট চেন্টাৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠিত থাকি এই দাবী উত্থাপন কৰে ৰংহাঙে ৷ এই সম্বৰ্ধনা অনুষ্ঠানত কাৰ্বি আংলঙৰ পৰা নির্বাচিত চাৰি বিধায়ক ক্ৰমে বােকাজানৰ ডাঃ নােমল মমিন, ডিফুৰ বিদ্যাছিং ইংলেং, হাওৰাঘাটৰ দৰছিং ৰংহাং আৰু বৈঠালাংছ’ৰ বিধায়ক ৰূপছিং টেৰণক দলৰ তৰফৰ পৰা উষ্ম আদৰণি জনােৱা হয় ।