ডিফু, ৩ ফেব্রুবাৰীঃ কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তী তাৰালাংছত বুধবাৰে এটা বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰা হয় । আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা দপ্তৰৰ মন্ত্রী কেশৱ মহন্তই ৷
এই উপলক্ষে আয়োজন কৰা সভাত উপস্থিত থাকে অসম চৰকাৰৰ পার্বত্য অঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্রী চুম ৰংহাং, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে', কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্রছিং ক্র আদি ৷