ডিফু, ১৭ মে' :শেহতীয়াকৈ চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰা ৬ টা বিদ্ৰোহী সংগঠনৰ আন এক গুৰুত্বপূৰ্ণ দাবী । চৰকাৰৰ ওচৰত ৰাজনৈতিক সংস্থাপনৰ দাবী জনাইছে সংগঠনকেইটাই । আহি থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত (KAAC Election 2022) সংগঠনটোৰ প্ৰাক্তন সদস্যক বিজেপিৰ ফালৰ পৰা টিকট প্ৰদানৰ দাবী জনাইছে সংগঠনকেইটাই (Former militant leader demands ticket)। এই সন্দৰ্ভত মঙলবাৰে সংগঠনকেইটাই ডিফুৰ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ।
প্ৰাক্তন উগ্ৰপন্থী সংগঠন কেইটাৰ উমৈহতীয়া মঞ্চ কাৰ্বি আংলং ইউনাইটেড ৰিভ'লেশ্যনেৰী ফ'ৰামে এই সংবাদমেল সম্বোধন কৰে । উমৈহতীয়া মঞ্চই দাবী - মতে ৬ টা সংগঠনৰ প্ৰাক্তন নেতাক পৰিষদৰ ৬ টাকৈ সমষ্টিৰ টিকট প্ৰদান কৰিব লাগে । উল্লেখ্য যে শান্তি চুক্তিলৈ অহা সংগঠনকেইটা হৈছে ক্ৰমে কেএনএলএফ, কেপিএলটিৰ তিনিটা গোট, পিডিচিকে আৰু ইউপিএলএফ ।