ডিফু,1 ফেব্ৰুৱাৰী: প্ৰাক্তন বিদ্ৰোহী সংগঠন ইউ পি ডি এছৰ ভিতৰতচ’ৰাত স্পষ্ট হৈ পৰিছে সংঘাত ৷ এডোখৰ ভূমিক লৈ তীব্ৰ হৈ পৰিছে সংঘাত (conflict over a land in Diphu) ৷ ডিফু নগৰৰ এডোখৰ মাটি বিক্ৰীক লৈ চলিছে বিদ্ৰোহ ৷ ২০১১ চনত সংগঠনটোৱে শান্তি চুক্তি কৰাৰ পিচতে প্ৰাক্তন বিদ্ৰোহী কল্যাণ পৰিষদৰ নামত ডিফু অসামৰিক চিকিৎসালয়ৰ কাষতে প্ৰায় দুই বিঘা মাটিসহ এটা গৃহ ক্ৰয় কৰিছিল (Diphu Civil Hospital) ৷ উদ্দেশ্য আছিল জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংগঠনটোৰ সদস্যসকলৰ থকাৰ সুবিধা কৰা আৰু জনকল্যাণমুখী কাম কৰা ৷
কিন্তু সেইখিনি মাটিকে সংগঠনটোৰ প্ৰাক্তন অধ্যক্ষ লংছাদৰ চেনাৰ, সম্পাদক তথা বৰ্তমানৰ সাংসদ হৰেন ছিং বে', গৃহ সচিব তথা বৰ্তমানৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ, যুটীয়া সচিব তথা পৰিষদৰ প্ৰাক্তন উপাধক্ষ কাংজাং তেৰাং, বিত্ত সচিব ধন ৰংপি আৰু বৈদেশিক সচিব মোহন কাথাৰে মিলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক কেইবা কোটি টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ প্ৰাক্তন লেফটেনেণ্ট অভিজিৎ হাঞ্চেই ৷
নগৰৰ মাজমজিয়াৰ উক্ত মাটিখিনি বিক্ৰী কৰাক লৈ এতিয়া নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সংগঠনটোৰ প্ৰাক্তন সদস্যই ৷ মংগলবাৰে সংগঠনটোৰ প্ৰাক্তন লেফটেনেণ্ট অভিজিৎ হাঞ্চেই নিজ বাসভৱনত এক সংবাদমেলৰ আয়োজন কৰি সংবাদ মাধ্যমৰ আগত নেতাসকলে নিৰ্বাচনত হোৱা ধাৰ মাৰিবলৈ সেই মাটি বিক্ৰী কৰা বুলি অভিযোগ আনে ৷ ধাৰ মাৰিবলৈ উক্ত মাটিখিনি বিক্ৰী কৰাটো তেওঁলোকে কোনো কাৰণতে মানি নলয় বুলি উল্লেখ কৰে (Former lieutenant against former UPDS leader over land) ৷