অসম

assam

ETV Bharat / state

বিজেপিক প্ৰত্যাহ্বান জনাই কাৰ্বি আংলঙত ৰাইজৰ দল - কাৰ্বি আংলং জিলা আহ্বায়ক সমিতি

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰ,সভাপতি ৰাজু বৰা,ৰাইজৰ দলৰ মুখ্য আহ্বায়ক গিৰি শংকৰ গোস্বামীৰ উপস্থিতত ডিফুত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন ৷ 31 গৰাকী বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিক লৈ গঠন কৰা হয় কাৰ্বি আংলং জিলা আহ্বায়ক সমিতি ৷

formation of raijor dol in diphu Karbi Anglong
বিজেপিক প্ৰত্যাহ্বান জনাই কাৰ্বি আংলঙত ৰাইজৰ দল

By

Published : Oct 28, 2020, 7:22 AM IST

ডিফু,28 অক্টোবৰ : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঔৰষত জন্ম লাভ কৰা ৰাজ্যৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে মঙলবাৰে ডিফুত গঠন কৰে দলটোৰ 31 জনীয়া এখন আহ্বায়ক সমিতি ৷ জিলা প্ৰশাসনে 100 গৰাকী লোকৰ উপস্থিতিৰে সভা আয়োজন কৰিবলৈ অনুমতি দিছিল যদিও পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতিত আহ্বায়ক সমিতিখন গঠন কৰা হয় ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰ,সভাপতি ৰাজু বৰা,ৰাইজৰ দলৰ মুখ্য আহ্বায়ক গিৰি শংকৰ গোস্বামী উপস্থিত থকা সভাখনৰ সভাপতিত্ব কৰে খৰছিং ৰংহাঙে ৷

বিজেপিক প্ৰত্যাহ্বান জনাই কাৰ্বি আংলঙত ৰাইজৰ দল

বেদান্ত লস্কৰে আঁত ধৰা সভাখনত ৰাইজৰ দলে অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সম বিকাশৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে ৷ ডিফু,বোকাজান,বকলীয়াঘাট,হাওৰাঘাট,ধনশিৰি,লাংহিং আদি অঞ্চলৰ পৰা অহা কাৰ্বি,ডিমাচা,আদিবাসী,বড়ো, হিন্দীভাষী আদি বিভিন্ন জনগোষ্ঠী তথা সম্প্ৰদায়ৰ প্ৰতিনিধিৰ উপস্থিতিত মহাজন ক্ৰ,বিদ্যাছিং বে,ৰাজেশ্বৰ পাঠক,শংকৰ খাৰিয়া, প্ৰচিলা তেৰাংপী,মাতু বড়ো প্ৰমুখ্যে 31 গৰাকী বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিক লৈ গঠন কৰা হয় কাৰ্বি আংলং জিলা আহবায়ক সমিতিখন ৷

আগন্তুক এসপ্তাহৰ ভিতৰত পশ্চিম কাৰ্বি আংলং জিলাৰ সমিতিখনো গঠন কৰা হ’ব বুলি ৰাইজৰ দলৰ নেতৃত্বই ঘোষণা কৰে ৷ আহ্বায়ক সমিতি গঠনৰ পাচতে এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ মুখ্য আহ্বায়ক গিৰিশংকৰ গোস্বামীয়ে কয় যে,‘‘বিজেপি চৰকাৰে অন্যায়েৰে অসমৰ প্ৰতিবাদী সত্বা অখিল গগৈক জেলত ভৰাই ৰাখিছে ৷ যদিহে চৰকাৰখনৰ নিম্নতম গণতান্ত্ৰিক প্ৰমূল্যবোধ আছে,তেন্তে অখিল গগৈক মুক্তি দি আমাৰ সৈতে নিৰ্বাচনী ৰণলৈ আহক ৷ অসমৰ জনতাই দিব ইয়াৰ প্ৰত্যুত্তৰ’’ ৷

লগতে পঢ়ক :মঙলদৈৰ আউলাচৌকাত দুৰ্ঘটনাত নিহত এজন

ABOUT THE AUTHOR

...view details