অসম

assam

কহিমাত গঠন হ'ল নৰ্থ ইষ্ট ফেডাৰেছন অৱ ট্ৰেড ইউনিয়ন

কহিমাত অসম, নাগালেণ্ড ট্ৰাক চালক আৰু মালিক সন্থাৰ বৈঠক ৷ এই বৈঠকত তিনি ৰাজ্যৰ যুটীয়া সমন্বয় ৰক্ষাৰ উদ্দেশ্যে গঠন হ'ল নৰ্থ ইষ্ট ফেডাৰেছন অৱ ট্ৰেড ইউনিয়ন গঠন ৷

By

Published : Oct 7, 2021, 12:46 PM IST

Published : Oct 7, 2021, 12:46 PM IST

ETV Bharat / state

কহিমাত গঠন হ'ল নৰ্থ ইষ্ট ফেডাৰেছন অৱ ট্ৰেড ইউনিয়ন

formation of north east fedaration of trade union
কহিমাত গঠন নৰ্থ ইষ্ট ফেডাৰেছন অৱ ট্ৰেড ইউনিয়ন

ডিফু , 7 অক্টোবৰ : কহিমা জিলা ট্ৰাক মালিক আৰু চালক সন্থাৰ উদ্যোগত বুধবাৰে কহিমাত অসম, নাগালেণ্ড আৰু মণিপুৰৰ ট্ৰাক মালিক আৰু চালক সন্থাৰ এখন সভা অনুষ্ঠিত কৰা হয় ৷ মালিক আৰু চালক সন্থাৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ লগতে এই সভাত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱো গ্ৰহণ কৰা হয় ৷

কহিমাত গঠন নৰ্থ ইষ্ট ফেডাৰেছন অৱ ট্ৰেড ইউনিয়ন

সভাত গ্ৰহণ কৰা প্ৰথমটো প্ৰস্তাৱ হৈছে, সন্থাই সুৰক্ষাৰ বাবে সকলোকে নিজ নিজ জিলাৰ পৰিচয় পত্ৰ প্ৰদান কৰিব ৷ দ্বিতীয় প্ৰস্তাৱ মতে, তিনিখন ৰাজ্যৰ মাজত এখন সমন্বয় ৰক্ষাকাৰী সমিতিও গঠন কৰা হয় ৷ আনকি অসম, নাগালেণ্ড আৰু মণিপুৰৰ ট্ৰাক মালিক আৰু চালক সন্থাৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ বাবে এখন বুজাবুজি চুক্তিও স্বাক্ষৰ কৰা হয় এই সভাতে ৷

লগতে পঢ়ক:আকৌ ক'ত ওলাল প্লাষ্টিকৰ চাউল ?

আনকি এই যুটীয়া সমিতিখনে তিনিও ৰাজ্যৰ চৰকাৰক ট্ৰাক চালক আৰু মালিক সন্থাৰ বাবে একোখনকৈ স্মাৰক পত্ৰযোগে সামাজিক সুৰক্ষা আইন শীঘ্ৰে প্ৰৱৰ্তন কৰিবলৈ দাবী জনাব বুলি জানিব পৰা গৈছে ৷

তিনিও ৰাজ্যৰ বাবে গঠন হোৱা সমন্বয়ৰক্ষী সমিতিখন নৰ্থ ইষ্ট ফেডাৰেছন অৱ ট্ৰেড ইউনিয়ন নামেৰে নামাকৰণ কৰা হয় ৷ সমিতিখনৰ সভাপতি ৰুবেজ ছখা, কাৰ্যকৰী সভাপতি কে. ডাইক', উপ সভাপতি কুহই জিমমি আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ক লৈ এখনি ১৫ জনীয়া সমিতিও গঠন কৰা হয় ৷ ইয়াৰোপৰি এখনি তিনিজনীয়া খচৰা সমিতিও গঠন কৰা হয় ৷

লগতে পঢ়ক:উচ্চতম ন্যায়ালয়ত লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ শুনানি

ABOUT THE AUTHOR

...view details