ডিফু, ৩০ আগষ্ট: বেদখলকাৰীৰ দপদপনিত অসমৰ বনাঞ্চলবোৰ কেনেদৰে সংকুচিত হৈ আহিছে সেয়া সৰ্বজনবিদিত । বেদখলকাৰীয়ে সংৰক্ষিত বনাঞ্চলত কেৱল বসতি স্থাপন কৰাই নহয়, বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰে । কাৰ্বি আংলঙৰ দলদলি সংৰক্ষিত বনাঞ্চলতো বেদখলকাৰীয়ে অবাধে মূল্যৱান গছ কাটি আহিছে ।
দেওবাৰে পুৱা প্ৰায় ৮.৪০ বজাত বেদখলকাৰীৰ এটা বৃহৎ দলে সংৰক্ষিত বনাঞ্চলখনত প্ৰৱেশ কৰি গছ-গছনি কাটিবলৈ আৰম্ভ কৰে । কিন্তু বনকৰ্মীয়ে তেওঁলোকক বাধা প্ৰদান কৰাত বেদখলকাৰীৰ দলটোৱে বনকৰ্মীকহে উভতি ধৰে । দলটোৱে বনকৰ্মীৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰে আৰু লগতে তেওঁলোকক বাধা দিলে ভয়াৱহ পৰিণতি হোৱাৰ ভাবুকি দিয়ে ।