অসম

assam

কাৰ্বি আংলঙৰ বনাঞ্চলত দ' গাঁতত সোমাই পৰা হাতী পোৱালিটো কেনে আছে ?

By

Published : Aug 11, 2021, 7:59 PM IST

এটা দ' গাঁতত আৱদ্ধ হৈ আছে এটা হাতী পোৱালি । গাঁতটোৰ পৰা ওলাই আহিবলৈ আপ্ৰাণ চেষ্টা কৰিছে । কিন্তু হাতী পোৱালিটো বাৰে বাৰে বিফল হৈছে । বোকাৰে লুতুৰি-পুতুৰি হোৱা হাতী পোৱালিটো যেন ভাগৰি পৰিছে । সহায় বিচাৰি আশাৰে বাট চাইছে হাতী পোৱালিটোৱে । কিন্তু গাঁতটোৰ পৰা ওলাব পাৰিলেনে হাতী পোৱালিটো ?

FOREST OFFICER RESCUED WILD ELEPHANT CALF
কাৰ্বি আংলঙৰ বনাঞ্চলত দ' গাঁতত আৱদ্ধ হাতী পোৱালি

ডিফু, ১১ আগষ্ট: মঙলবাৰে কাৰ্বি আংলং জিলাৰ ৰঙা পাহাৰৰ বনাঞ্চলত এটা কণমানি হাতী পোৱালি অকস্মাতে এটা দ' গাঁতত সোমাই পৰে । হাতীৰ জাকৰ সৈতে বনাঞ্চলত বিচৰণ কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয় । বহু চেষ্টা কৰিও গাঁতটোৰ পৰা পোৱালিটো ওলাই আহিব পৰা নাছিল । বোকাৰে লুতুৰি-পুতুৰি হৈ পৰে পোৱালিটো ।

কাৰ্বি আংলঙৰ বনাঞ্চলত দ' গাঁতত আৱদ্ধ হাতী পোৱালি

পিছত বন বিভাগৰ লোকে এই বিষয়ে অৱগত হয় আৰু কাৰ্বি আংলং জিলা বন বিভাগৰ ৰঙা পাহাৰ ৰেঞ্জৰ বনকৰ্মীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে । সহকাৰী বন সংৰক্ষক প্ৰহ্লাদ ক্ৰ'ৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে হাতী পোৱালিটোৰ উদ্ধাৰৰ বাবে অভিযান চলায় ৷ হাতী পোৱালিটো বহু সময় ধৰি আৱদ্ধ হৈ থকা বাবে আতংকিত হৈ পৰে যদিও বনকৰ্মীৰ দলটোৱে পোৱালিটো ৰক্ষা কৰে ।

বনকৰ্মীৰ দলটোৱে এখন এক্সকেভেটৰৰ সহায়ত গাঁত খান্দি হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

কাৰ্বি আংলঙৰ বনাঞ্চলত দ' গাঁতত আৱদ্ধ হাতী পোৱালি

অতি সাৱধনতাৰে অলপো আঘাত নোপোৱাকৈ হাতী পোৱালিটো বনকৰ্মীয়ে উদ্ধাৰ কৰে । গাঁতটোৰ পৰা ওলায়েই হাতী পোৱালি বনাঞ্চলৰ দিশে দৌৰি যায় ৷ বৰ্তমান হাতী পোৱালিটো দলদলী সংৰক্ষিত বনাঞ্চলত হাতীৰ জাকৰ লগত সুৰক্ষিত হৈ আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:অতি শীঘ্ৰেই দিল্লী এইমছৰ আৰ্হিত নিৰ্মাণ হৈ উঠিব চাংসাৰীৰ AIIMS

ABOUT THE AUTHOR

...view details