ডিফু,16 এপ্ৰিল : এটি ডেৰ বছৰীয়া কণমানি ৷ নাম তাইৰ ফ্ল’ৰ ৷ জন্মৰ পৰাই পিতৃ-মাতৃৰ পৰিচয়হীন ফ্ল’ৰ আছিল অত্যন্ত দুৰ্বল ৷ কাৰ্বি আংলং জিলাৰ ধনশিৰিত থকা অম্বিকা নামৰ অনাথ আশ্ৰমখনে তাইক উদ্ধাৰ কৰি ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰোৱাইছিল ৷ প্ৰায় ডেৰমাহ চিকিৎসাৰ অন্তত ক্ৰমাৎ সুস্থ হৈছিল ফ্ল’ৰ ৷ কিন্তু সুস্থ হোৱাৰ কেইদিন মানৰ পাচতে অনলাইন মাধ্যম যোগে মাল্টাৰ এটি দম্পতীয়ে ফ্লৰক নিজ সন্তানৰ মৰ্যাদা দিয়াৰ বাবে আগবাঢ়ি আহে ৷
অনলাইন যোগে সকলো যাৱতীয় কাম কৰাৰ পাচত ফ্ল’ৰক সন্তানৰ মাৰ্যাদা দিবলৈ মাল্টাৰ পৰা অসমলৈ উৰা মাৰি আহে দম্পতীটো ৷ পহিলা ব'হাগৰ দিনটোতে ডেনিয়েল তান্টি ফৰিগ্ৰৱা আৰু লাৰা তান্টি ফৰিগ্ৰৱাই অনাথ আশ্ৰমখনত উপস্থিত হৈ ফ্ল’ৰক নিজৰ সন্তান ৰূপে গ্ৰহণ কৰে ৷ 4 বছৰ আগতে এটি শিশু তুলি লোৱাৰ বাবে আৱেদন কৰা ফৰিগ্ৰৱা দম্পতীয়ে ফ্ল’ৰক নিজৰ সন্তান ৰূপে লাভ কৰি অতি আনন্দিত হৈ পৰে ৷