ডিফু,১ ছেপ্তেম্বৰ: পাহাৰীয়া জিলা কাৰ্বি আংলঙত বানপানীৰ সংহাৰী ৰূপ । সোমবাৰে নিশা প্ৰায় ৯ বজাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা সীমান্তঞ্চলত নামি আহে পানীৰ ঢল ৷ নিমিষতে বুৰাই পেলায় ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সীমামূৰীয়া এলেকাৰ বিস্তৃৰ্ণ অঞ্চল ৷ ভদীয়া বানৰ কৱলত ভাঙি পৰে এখন পকী দলং । সোমবাৰে নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ সোঁতৰ ফলতে ভাঙি পৰে পকী দলং খন ।
বোকাজানৰ খটখটীৰ চানদে বজাৰ, পুৰণা লাহৰিজানৰ বিভিন্ন অঞ্চলৰ লগতে ডিমাপুৰ সংযোগী পথৰ ওপৰত আছিল এইখন দলং । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৫০ মিটাৰ নিলগত আছিল এইখন দলং । নাগালেণ্ডৰ পাহাৰত হোৱা প্ৰৱল বৰষুণৰ ফলত বৈ অহা পানীৰ সোঁতৰ ধাৰ সহিব নোৱাৰি ভাঙি পৰে দলং খন । যাৰ বাবে যাতায়তৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজৰ ৷ প্ৰায় ৫০০০ টা পৰিয়ালে এই দলঙখনেৰে সংযোগ কৰে বুলি জানিবলৈ দিয়ে ।