অসম

assam

ETV Bharat / state

ডিলাইত পাঁচটা চিম্পাঞ্জী উদ্ধাৰ - Wildlife Protection Act 1972

কাৰ্বি আংলঙৰ ডিলাইত অবৈধভাৱে সৰবৰাহ কৰি নি থকা অৱস্থাত পাঁচটা চিম্পাঞ্জী উদ্ধাৰ(Five chimpanzees rescued at Dilai) ৷ এই অবৈধ কাৰ্যত জড়িত দুই মণিপুৰী যুৱকক আটক আৰক্ষীৰ ৷

five-chimpanzees-rescued-at-dilai-karbi-anglong
ডিলাইত পাঁচটা চিম্পাঞ্জী উদ্ধাৰ

By

Published : Apr 13, 2022, 8:02 AM IST

ডিফু, 13 এপ্ৰিল :কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকা তথা চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু মণিপুৰৰ পৰা বিভিন্ন সময়ত অবৈধ ড্ৰাগছ, মাৰণাস্ত্ৰ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে মঙলবাৰে ৫ টাকৈ চিম্পাঞ্জী উদ্ধাৰ(Five chimpanzees rescued at Dilai) হোৱা ঘটনাই একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে সন্ধিয়া প্ৰায় 5.30 বজাত ডিলাই তিনিআলি(Dilai Tiniali)ত নিয়মীয়া তালাচী চলাইছিল আৰক্ষীয়ে(Regular operation of Dilai Police) ৷ ডিলাই আৰক্ষীয়ে চলোৱা তালাচীৰ সময়তে ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন MN AG ৫৮২৯ নম্বৰৰ মাৰুতি ইক'ভেনত চিম্পাঞ্জীকেইটাৰ অৱস্থিতি নিশ্চিত কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে বাহনখনত তালাচী চলাই উদ্ধাৰ কৰে 5 টাকৈ চিম্পাঞ্জী ৷

তদুপৰি এই ঘটনাত জড়িত থকাৰ সন্দেহত আটক কৰে মণিপুৰৰ থাউবাল জিলাৰ দুটা সৰবৰহকাৰী ক্ৰমে- হবিবুৰ ৰহমান আৰু জনাব খানক ৷ পিছত সৰবৰাহকাৰী দুটাৰ সৈতে চিম্পাঞ্জীকেইটাক কাৰ্বি আংলঙৰ মাঞ্জাস্থিত জিলা বন বিভাগৰ পূৱ সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক তথা মাঞ্জা ৰেঞ্জৰ বন বিষয়াৰ হাতত গতাই দিয়ে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ৰাজ্যৰ বন বিভাগৰ লগতে ভিন্ন স্থানৰ আৰক্ষীয়ে অতৰ্কিতে চলোৱা অভিযানত পূৰ্বেও এনেদৰে বন্যপ্ৰাণীৰ চোৰাং বেহাৰ সৈতে জড়িত লোক ধৰা পৰিছে ৷ ইয়াৰ সমান্তৰালকৈ উদ্ধাৰ হৈছে বন্যপ্ৰাণীসমূহৰ লগতে ইয়াৰ অংগ-প্ৰত্যংগসমূহ ৷ কোনো কোনো অঞ্চলত আকৌ চোৰাং চিকাৰীৰ লগতে বন্যপ্ৰাণীৰ বেহাৰ দৰে অবৈধ কাৰ্যত জড়িত লোকসকলে আৰক্ষীৰ চকুত ধূলি মাৰি সন্তৰ্পণে এনেধৰণৰ কাম-কাজ অব্যাহত ৰাখিছে ৷ এনেধৰণৰ ঘটনাবোৰে ৰাজ্যত বন্যপ্ৰাণী সুৰক্ষা(Wildlife Protection Act 1972) শীৰ্ষক আইনখনৰ কাৰ্যকাৰিতাৰ প্ৰতি বহু প্ৰশ্নৰ অৱতাৰণা ঘটায় ৷

লগতে চাওক:Brahmaputra river dries up : বন্যপ্ৰাণী, কৃষিজীৱী ৰাইজলৈ ভাবুকি

ABOUT THE AUTHOR

...view details