ডিফু, ২২ আগষ্ট : ডিফুত দেওবাৰৰ পৰা আৰম্ভ হৈছে উপায়ুক্তসকলৰ প্ৰথমখন সন্মিলন ৷ পাৰ্বত্য জিলাৰ সদৰ চহৰ ডিফুৰ এক নান্দনিক পৰিৱেশৰ মাজত আৰবৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰ (Arboretum Cum Craft Centre) প্ৰেক্ষাগৃহত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) অধ্যক্ষতাত ২২-২৩ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে সন্মিলনখনৰ ৷
সেই উপলক্ষে কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদে (Karbi Anglong autonomous council) ডিফু চহৰক আটক-ধুনীয়াকৈ সজাই পৰাই তুলিছে ৷ ৰাজ্যখনৰ 34 খন জিলাৰ উপায়ুক্ত ইতিমধ্যে শনিবাৰে সন্ধিয়াই আৰবৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰত আহি উপস্থিত হৈছে ৷ প্ৰশাসনে সন্মিলনথলীৰ লগতে সমগ্ৰ চহৰখনতে নিৰপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷ ৰাজ্যৰ মুখ্য সচিব জিঞ্চু বৰুৱাই (Chief secretary Jishnu Barua) আদৰণি ভাষণ জনোৱাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উপায়ুক্তসকলৰ লগতে শীৰ্ষ বিষয়াক উদ্দেশ্যি বক্তব্য প্ৰদান কৰিব ৷
ডিফুত আৰম্ভ ৰাজ্যৰ উপায়ুক্তসকলৰ প্ৰথমখন সন্মিলন প্ৰথম দিনাৰ কাৰ্যসূচীত ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তই (DGP Bhaskar Jyoti Mahanta) আইন-শৃংখলাৰ দিশ সামৰি ভাষণ প্ৰদান কৰিব ৷ ইয়াৰোপৰি বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, আয়ুক্ত সচিব এম এন মানিৱান্নান, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্ৰধান সচিব বিশ্বৰাজন ছামল আদিকে ধৰি আন কেইবা গৰাকী ৰাজ্য চৰকাৰৰ বিষয়াই অংশ গ্ৰহণ কৰি বক্তব্য ৰাখিব ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্তাৰেৰে ডিফুত উপস্থিত হোৱাত কিছু পলম হোৱাত প্ৰথম দিনৰ কাৰ্যসূচী কিছু পলমকৈ আৰম্ভ হয় ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ প্ৰত্যক্ষ তত্বাৱধানত মাটিপুঙস্থিত আৰবৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ প্ৰেক্ষাগৃহটি আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আৰ্হিত সজাই তোলা হৈছে । ইফালে প্ৰতিজন উপায়ুক্তৰ উপস্থিতিত দ্বিতীয় দিনা মুখ্যমন্ত্ৰীৰ সামৰণি ভাষণেৰে সন্মিলনৰ সামৰণি পৰিব ৷
লগতে পঢ়ক:হোজাই জিলাৰ নৱনিযুক্ত উপায়ুক্ত অনুপম চৌধুৰীৰ কাৰ্যভাৰ গ্ৰহণ