ডিফু, 25মে':বকলীয়াঘাটত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ জানিব পৰা মতে, লকডাউনৰ মাজতে পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত ৰজাপথাৰত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ ফলত জগন্নাথ বনিক নামৰ এজন লোকৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত হয় যদিও বৰ্তমানেও অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।
বকলীয়াঘাটত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড
অগ্নিকাণ্ডৰ ফলত জগন্নাথ বনিক নামৰ এজন লোকৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত হয় যদিও বৰ্তমানেও অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । উল্লেযোগ্য যে, জগন্নাথ বনিকৰ যোৱা সোমবাৰে মৃত্যু হৈছিল ।
বকলীয়াঘাটত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড
উল্লেযোগ্য যে, জগন্নাথ বনিকৰ যোৱা সোমবাৰে মৃত্যু হৈছিল । জগন্নাথ বনিকৰ মৃত্যুৰ এসপ্তাহ নহওঁতেই অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হোৱাৰ ফলত এতিয়া দৰিদ্ৰ পৰিয়ালটোৰ ওপৰত সৰগ ভাগি পৰিছে । মাতৃ আৰু দুগৰাকী জীয়ৰীসহ তিনিজনীয়া পৰিয়ালটোক পুনৰ সংস্থাপনৰ বাবে সহায় সহযোগিতা আগবঢ়াবলৈ চৰকাৰক স্থানীয় ৰাইজে অনুৰোধ জনাইছে ।
লগতে পঢ়কঃকোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে যুগ্ম জীৱনৰ পাতনি মেলিলে দৰা-কইনাই