ডিফু, ২৬ ডিচেম্বৰ :কাৰ্বি আংলং-নাগালাণ্ড সীমান্তৱৰ্তী এলেকাৰ খটখটিৰ লাহৰিজানত দেওবাৰে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire broke out at Laharijan) ৷ উক্ত অগ্নিকাণ্ডৰ ফলত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে (Cylinder blust in massive frie)৷ দেওবাৰে পুৱা বোকাজান মহকুমাৰ খটখটি আৰক্ষী চকীৰ অন্তৰ্গত লাহৰিজানৰ চৌধুৰী বিল্ডিঙত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । ক্ষন্তেকতে জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চলজুৰি আৱৰি ধৰি আতংকময় পৰিস্থিৰ সৃষ্টি কৰে ৷
Fire broke out at Laharijan : অসম-নাগালেণ্ড সীমান্তত ভয়ংকৰ অগ্নিকাণ্ড - Massive fire in Assam Nagaland border
দেওবাৰে পুৱাতেই কাৰ্বি আংলঙৰ লাহৰিজানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Fire broke out at Laharijan) ৷ অগ্নিকাণ্ডটোৰ ফলত বহুকেইটা বাসগৃহৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷
অসম-নাগালেণ্ড সীমান্তত ভয়ংকৰ অগ্নিকাণ্ড
অগ্নিকাণ্ডৰ ফলত কেইবাটাও বাসগৃহৰ লগতে বহু লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় । অগ্নিকাণ্ডৰ সূত্ৰপাত ক’ৰ পৰা কেনেকৈ ঘটিল এই পৰ্যন্ত নিশ্চিত হোৱা নাই । ডিমাপুৰ আৰু বোকাজানৰ অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷
লগতে পঢ়ক:Muzaffarpur Factory Blast : নুডলছৰ কাৰখানাত সংঘটিত বিস্ফোৰণত ১০ গৰাকী কৰ্মচাৰীৰ মৃত্যু
Last Updated : Dec 26, 2021, 3:46 PM IST