বকলীয়াঘাটত অগ্নিকাণ্ডত - ৰঞ্জিত দাস
অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও তাৰ পূৰ্বেই ঘৰটো সম্পূৰ্ণৰূপে জাহ যায় ৷ যাৰ ফলত ঘৰটোৰ বহু লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়

ডিফু ১৬ ছেপ্টেম্বৰ : কাৰ্বি-আংলঙৰ বকলীয়াঘাটত অগ্নিকাণ্ড ৷ ২ নং উদালিত সংঘটিত হোৱা অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত বহু সা-সম্পত্তি । সোমবাৰে দুপৰীয়া প্ৰায় 1 বজাত ৰঞ্জিত দাস নামৰ ব্যক্তি গৰাকীৰ ঘৰত অকস্মাতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । জুইৰ লেলিহান শিখাই নিমিষতে গোটেই ঘৰ আৱৰি ধৰাত কেইটামান মূহূৰ্তৰ ভিতৰতে ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয় । অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও তাৰ পূৰ্বেই ঘৰটো সম্পূৰ্ণৰূপে জাহ যায় ৷ যাৰ ফলত ঘৰটোৰ বহু লক্ষাধিক টকাৰ সম্পত্তি জুইত ভস্মীভূত হয় ৷ পাকঘৰৰ চৌকাৰ পৰা নিৰ্গত হোৱা জুইৰ পৰাই এনে ধ্বংসলীলা সংঘটিত হোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ তথা স্থানীয়ৰ ৷