অসম

assam

ETV Bharat / state

Feliciation programme at Diphu : ডিফুত কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান - হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান ৷ ডিফুৰ হৰিলালবস্তিস্থিত কালী মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷

Feliciation programme at Diphu
কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান

By

Published : Jun 19, 2023, 10:51 AM IST

ডিফুত কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান

ডিফু, 19 জুলাই: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থীক আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱা হয় ৷ তিনি সমাজকৰ্মী আব্দুল কৰিল লস্কৰ, আকিব উদ্দিন আহমেদ আৰু সমাজকৰ্মী তথা সাংবাদিক ছাইদুল ইছলামৰ যৌথ উদ্যোগত দেওবাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় এই তিনি কৃতী শিক্ষাৰ্থীক ৷ অনুষ্ঠানটো অনুষ্ঠিত হয় ডিফুৰ হৰিলালবস্তিস্থিত কালী মন্দিৰ প্ৰাঙ্গনত ৷ অনুষ্ঠানত 24 গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাবে সম্বৰ্ধনা জনোৱা হয় ৷

মুখ্য অতিথিৰ ভাষণত মজাহাৰল ইছলামে কয়, "উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ণয় কৰে ৷ কৰ্তব্যৰ প্ৰতি একনিষ্ঠ সততা আৰু লক্ষ্য স্থিৰ কৰি আগবাঢ়ি গ’লে সুন্দৰ ভৱিষ্যত গঢ়িব পাৰি" ৷ লগতে ছাত্ৰ জীৱনত সফলতা লাভ কৰিব পৰা দিশ সাঙুৰি বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ যুৱ সমাজত বৃদ্ধি পাই অহা ড্ৰাগছৰ প্ৰৱণতা সন্দৰ্ভতো তেওঁ বক্তব্য আগবঢ়ায় ৷ সাংবাদিক ছাইদুল ইছলাম, আজমল হুছেইন বৰভুঁঞা আৰু শিক্ষক ৰফিকুল ইছলামে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মনোজ্ঞ ভাষণ প্ৰদান কৰে ৷

কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান

আনহাতে সভাখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ডিফু মাটিপুঙৰ ইৰফান আলী নামৰ এগৰাকী দৰিদ্ৰ ছাত্ৰক প্ৰাক্তন বেংক বিষয়া গৌতম ৰয়ে 5 হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে বেংক বিষয়া আইনুল হক আৰু শিক্ষক দিলীপ ছেত্ৰীয়ে ছাত্ৰগৰাকীৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ সকলো খৰছ বহন কৰিব বুলি প্ৰতিশ্ৰুতি আগবঢ়ায় ৷

স্থানীয় যুৱক আকিব আহমেদে আঁত ধৰা আৰু ডিফু মছজিদ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন শিক্ষক তথা সম্বৰ্ধনা অনুষ্ঠানৰ মুখ্য অতিথি মজাহাৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সন্মানীয় আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ডিফু ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সমাজকৰ্মী গৌতম ৰয়, আতুৰকিমি হাইস্কুলৰ প্ৰধান শিক্ষক দিলীপ ছেত্ৰী, ডিফু কো-অপাৰেটিভ বেংকৰ প্ৰৱন্ধক আইনুল হক, ডিফু মছজিদ কমিটিৰ সহকাৰী সম্পাদক ৰাজিব উদ্দিন আহমেদ , চন্দ্ৰছিং টেৰণ হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ তথা যুৱ সমাজকৰ্মী আজমল হুছেইন বৰভূঁঞা, শিক্ষক ৰফিকুল ইছলাম লগতে অন্যান্য ব্যক্তিসকল ৷

লগতে পঢ়ক :Illegal liquor seized : চিমেন চাপৰিত আবকাৰী বিভাগৰ অভিযানত জব্দ সুৰা, 3 জন আটক

ABOUT THE AUTHOR

...view details