ডিফু, ১০ জুন :সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৮৪ নম্বৰ লাভ কৰি অসমৰ ভিতৰত দশম স্থান অধিকাৰ কৰা ডিফুৰ অলিন্দিতা কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰে জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএই ৷ ডিফুস্থিত অলিন্দিতা কলিতাৰ বাসগৃহত ডিএলএছএৰ এটি দল উপস্থিত হৈ অলিন্দিতা কলিতাক ডিএলএছৰ তৰফৰ পৰা ফুলাম,গামোচা, জাপি আৰু মানপত্ৰ প্ৰদান কৰি উষ্ম আদৰণি জনাই ছাত্ৰী গৰাকীক ৷
দশমস্থান প্ৰাপ্ত অলিন্দিতা কলিতাক সম্বৰ্ধনা ডিফু ডিএলএছএৰ - SEBA
হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৮৪ নম্বৰ লাভ কৰি অসমৰ ভিতৰত দশম স্থান অধিকাৰ কৰা ডিফুৰ অলিন্দিতা কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰে জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএই ৷ ফুলাম,গামোচা,জাপি আৰু মানপত্ৰ প্ৰদান কৰি উষ্ম আদৰণি জনাই ছাত্ৰী গৰাকীক ৷
Felecited by district judiciry ten rank holder diphu student
ডিএলএছএৰ দলটিত আছিল ডিএলএছএৰ অধিবক্তা ক্ৰমে,ৰুবি চৰকাৰ,শ্যামল শীল আৰু শিখা বৰুৱা লগতে ডিএলএছএ ষ্টাফ দীপাঞ্জলী দাস,প্ৰিয়ংকা শইকীয়া আৰু দিপেন্দ্ৰ ইংতি ৷ ডিএলএছএই অলিন্দিতাক শুভেচ্ছা জ্ঞাপন কৰি উজ্জল ভৱিষ্যত কামনা কৰে ৷
আনহাতে,মেধাৱী ছাত্ৰী অলিন্দিতালৈ মাননীয় জিলা ও সত্ৰ ন্যায়াধীশ আব্দুল হাকিম আৰু ডিএলএছএৰ সচিব নাগিব আহমেদে শুভেচ্ছা জ্ঞাপন কৰে ।
লগতে পঢ়ক : শিক্ষা বিভাগৰ কোটি টকীয়া কেলেংকাৰী:গোচৰ ৰুজু