অসম

assam

ETV Bharat / state

জিডিএছএ মহিলা ফুটবল লীগঃ লেনলাইএফচিৰ হাতত ৪-০গলত পৰাস্ত এফচিচি ডিফু - Fcc Diffu team

কাৰ্বি আংলঙৰ ডিফুত অনুষ্ঠিত প্ৰথমখন জিডিএছএ মহিলা ফুটবল লীগত লেনলাইএফচিৰ হাতত ৪-০ গলত পৰাজয় বৰণ কৰে এফচিচি ডিফু দলে ৷

লেনলাইএফচিৰ হাতত ৪-০গলত পৰাস্ত এফচিচি ডিফু
লেনলাইএফচিৰ হাতত ৪-০গলত পৰাস্ত এফচিচি ডিফু

By

Published : Nov 10, 2020, 7:04 AM IST

ডিফু, ৭ নৱেম্বৰঃ গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ'চিয়েছন চমুকৈ জিডিএছএৰ উদ্যোগত যোৱা ৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ চলি থকা প্ৰথম জিডিএছএ মহিলা ফুটবল লীগ ২০২০ প্ৰতিযোগিতাৰ সোমবাৰৰ খেলত লেনলাই এফচিৰ হাতত ৪-০ গ'লৰ ব্যৱধানত শোচনীয়ভাৱে পৰাজয় বৰণ কৰে এফচিচি ডিফু দলে ৷

লেনলাইএফচিৰ হাতত ৪-০গলত পৰাস্ত এফচিচি ডিফু

প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে বিয়লি ৩ বজাত ডিফুৰ 'কাছা'ৰ অত্যাধুনিক খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ষষ্ঠ খেলত একপক্ষীয় ভাৱে ৪ টা গল প্ৰদান কৰি লেনলাই এফচিয়ে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হয় ৷ মৰণপণ যুঁজ দিও শেষ মূহুৰ্তত লেনলাই এফচিৰ বিৰুদ্ধে এফচিচি ডিফুৱে প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম নহ'ল ৷

লেনলাইএফচিৰ হাতত ৪-০গলত পৰাস্ত এফচিচি ডিফু

লেনলাই এফচিৰ হৈ প্ৰথম আৰু দ্বিতীয়াৰ্দ্ধত নিজৰ দপদপনি অব্যাহত ৰাখি ক্ৰমে,আহই কিৰগেনে ৩মিনিটত,জাউঙ কিপগেনে ২১ মিনিটত,ননী গুইটেই ২৭ মিনিটত আৰু চিয়ামটে গুইটেই ৫৮ মিনিটত এফচিচি ডিফুৰ নেটত এটাকৈ গ' ল দি লেনলাই এফচি ৪-০ ৰ ব্যৱধানত বিজয়ৰ সোৱাদ দিয়ে ৷ ৰামু ইংহিয়ে পৰিচালনা কৰা খেলখনত লাইনত সহায় কৰে ক্ৰমে,বিজয় ৰংহাঙ আৰু আৰউইনচন কিলিঙে ৷ চতুৰ্থ ৰেফাৰী দায়িত্ব পালন কৰে ৰূপকণচিং ৰংফাৰে ৷
লগতে চাওকঃ বিজেপি নেত্ৰীৰ বিৰুদ্ধে আৰক্ষী বিষয়াক প্ৰহাৰৰ অভিযোগ

ABOUT THE AUTHOR

...view details