ডিফু, ২৪ জুন: আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসলৈ(International anti drugs day) মাত্ৰ দুদিন সময় বাকী থকা অৱস্থাত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে আন এক বৃহৎ সফলতা ৷ এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী ৰূপত আৰক্ষীৰ জালত পৰিছে মাৰাত্মক ড্ৰাগছ সৰবৰাহকাৰী পিতা-পুত্ৰ ৷
কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে অসম নাগালেণ্ড সীমান্তত পুনৰ জব্দ কৰিছে কোটি কোটি টকাৰ ড্ৰাগছ (Drugs seized at Assam Nagaland border)। খটখটী আৰক্ষীৰ(Khatkhati Police Station) জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী বাপেক পুতেকদ্বয়ে অতি কৌশলেৰে অসম নাগালেণ্ড সীমান্তৰে বোকাজানত খোজকাঢ়ি প্ৰৱেশ কৰিছিল আৰু শাক-পাঁচলিৰে ভৰ্তি মোনাত আনিছিল ৭৯ টা মাৰাত্মক ড্ৰাগছভৰ্তি চাবোনৰ বাকচ ।