ডিফু,11 জুন : কাৰ্বি আংলঙৰ বোকাজানত ক’ভিড প্ৰতিষেধক (covid vaccine) প্ৰদানৰ নামত ক’লা বজাৰ গঢ় লৈ উঠাৰ অডিঅ’ ক্লিপ ভাইৰেল (Audio Clip Viral) ক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ যি সময়ত ৰাজ্যত সাধাৰণ জনতাই ক’ভিড প্ৰতিষেধকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়তে ক’ভিড প্ৰতিষেধকৰ ক’লা বজাৰ গঢ়ি উঠিছে বোকাজানত । ভাইৰেল হোৱা অডিঅ’ ক্লিপটোত(Audio Clip) উল্লেখিত অনুসৰি, এপালি প্ৰতিষেধকৰ দাম 1000 টকা । বোকাজানৰ একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰতিষেধকৰ নামত সংগ্ৰহ কৰে 1000 টকা ।
বোকাজানৰ চাজু দাস আৰু উমেশ গুপ্তা নামৰ ব্যৱসায়ী দুজনৰ মাজত প্ৰতিষেধকৰ বাবে যি টেলিফোনিক বাৰ্তালাপৰ ক্লিপিং ভাইৰেল হৈছে, তাক লৈ এতিয়া সকলোৰে চকু কপালত উঠিছে ৷ উক্ত বিষয়ক লৈ স্বাস্থ্য বিভাগ আৰু সাধাৰণ জনতাৰ মাজত উত্থাপন হৈছে বহু প্ৰশ্নৰ ৷ এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত স্বাস্থ্য খণ্ডৰ কোনো কৰ্মচাৰী জড়িত নাই বুলি মন্তব্য কৰে বোকাজান মহকুমা স্বাস্থ্য বিষয়া দণ্ডধৰ গগৈয়ে ।