অসম

assam

ETV Bharat / state

ডিফুত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ : এজনক আটক - ডিফুত বিস্ফোৰক উদ্ধাৰ শেহতীয়া বাতৰি

দীপাৱলীৰ প্ৰাকক্ষণত ডিফুত সোমবাৰে উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰক ৷ বিস্ফোৰকসহ এজন লোকক আটক কৰিছে আৰক্ষী বিভাগে ৷

ডিফুত বৃহৎ পৰিমানৰ বিস্ফোৰকসহ এজনক আটক

By

Published : Oct 22, 2019, 1:36 PM IST

ডিফু, 22 অক্টোবৰ : শুভ দীপাৱলীৰ প্ৰাকক্ষণত পাহাৰীয়া সদৰ চহৰ ডিফুত সোমবাৰে সন্ধিয়া বৃহৎ পৰিমানৰ বিস্ফোৰকসহ এজন যুৱকক আটক কৰা হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি ডিফুৰ ডিলাজীৰ কাচাৰী ৰংচিংথুৰৰ এটা ঘৰৰ চৌহদত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় বিস্ফোৰকখিনি ৷ বিস্ফোৰক সামগ্ৰীখিনি লালচানচ'ক এফ টুছিং নামৰ লোকজনৰ ঘৰৰ চৌহদৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ ডিফু থানাৰ অ'চি চিৰাজ ইংতিৰ নেতৃত্বত ডিফু আৰক্ষী আৰু চি আৰ পি এফে যৌথ অভিযান চলাই বিস্ফোৰকসহ লালচানচ'ক এফ টুছিঙক আটক কৰে ৷

ডিফুত বৃহৎ পৰিমানৰ বিস্ফোৰকসহ এজনক আটক

উদ্ধাৰ হোৱা সামগ্ৰী সমূহ ক্ৰমে 6 পেকেট ব্লাষ্টিং পেকেট, 27 ডাল জিলেটিন আৰু 15 বাণ্ডিল ব্লাষ্টাং তাঁৰ বুলি জানিব পৰা গৈছে ৷ ধৃত লালচানচ'ক এফ টুচিঙে জানিবলৈ দিয়া অনুসৰি, মেঘালয়ৰ বন্ধু জ'নৰ পৰা বিস্ফোৰকখিনি আনি মাছ ধৰি বিক্ৰি কৰিবৰ বাবেহে অনা হৈছিল আৰু লগতে স্বীকাৰ কৰে যে, তেওঁ নীলামী কাপোৰ ব্যৱসায়ৰ লগত জড়িত ৷ দীপাৱলীৰ পূৰ্বে এনেদৰে বৃহৎ পৰিমানৰ সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ আনহাতে, জিলা উপ আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মাই সাংবাদিকক জনোৱা মতে, শ্বিলঙত জ'ন নামৰ এজন লোকক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছে আৰু অভিযান চলাই বিস্ফোৰক সামগ্ৰীসহ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details