ডিফু, ১২ জুনঃ ডিফুত শনিবাৰে অনুষ্ঠিত হয় প্ৰাক্তন সৈনিক তথা তেওঁলোকৰ পৰিয়ালৰ বাবে এক বিশেষ অনুষ্ঠানৰ ৷ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে ইয়াৰ ছিণ্ডিথ ব্ৰিগেডৰ সৌজন্যত আৰু অব নেক্সট অব কিনৰ স্মৃতিত ডিফু ক্লাৱত শনিবাৰে দিনজোৰা কাৰ্যসূচীলৈ প্ৰাক্তন চাকৰিয়ালসকলৰ এক ৰেলী অনুষ্ঠিত কৰে ৷ উক্ত ৰেলীৰ জৰিয়তে প্ৰাক্তন চাকৰিয়ালসকলৰ চলি থকা আৰু আহিবলগীয়া আঁচনিৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়া, সন্তানৰ শিক্ষা, পুনৰ সংস্থাপন, পেন্সন জাতীয় বিষয়ৰ ওপৰত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয় ৷ অনুষ্ঠানত এক চিকিৎসা শিবিৰো অনুষ্ঠিত হয় ৷
ডিফুত প্ৰাক্তন সৈনিকৰ ৰেলী - ভাৰতীয় সেনা
উক্ত ৰেলীৰ জৰিয়তে প্ৰাক্তন চাকৰিয়ালসকলৰ চলি থকা আৰু আহিবলগীয়া আঁচনিৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়া, সন্তানৰ শিক্ষা, পুনৰ সংস্থাপন, পেন্সন জাতীয় বিষয়ৰ ওপৰত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয় ৷ অনুষ্ঠানত এক চিকিৎসা শিবিৰো অনুষ্ঠিত হয় ৷
সেনাৰ উদ্যোগত ডিফুত প্ৰাক্তন চাকৰিয়াল সকলৰ ৰেলী সম্পন্ন
ৰেলীত পূব আৰু পশ্চিম কাৰবি আংলং, হোজাই, শোণিতপুৰ নগাঁও আৰু মৰিগাঁও জিলাৰ ৫৮৯ গৰাকী প্ৰাক্তন সৈনিক তথা তেওঁলোকৰ পৰিয়ালসকল উপস্থিত থাকে ৷
Last Updated : Jun 17, 2019, 12:13 AM IST