অসম

assam

ETV Bharat / state

Eviction in Laharijan : লাহৰিজানত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান - Evicted people protest against government

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুনৰ প্ৰশাসনে চলালে উচ্ছেদ অভিযান (Eviction in Laharijan)। উচ্ছেদৰ প্ৰথম পৰ্যায় শান্তিপূৰ্ণভাৱে হৈছিল যদিও দ্বিতীয় পৰ্যায়ত উচ্ছেদিত পৰিয়ালৰ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ । প্ৰশাসনৰ লোকৰ সৈতে একাংশ উচ্ছেদিত পৰিয়ালৰ বাদ-বিবাদ ৷

Evicted-family-protest-against-government-at-lahorijan
লাহৰিজানত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Dec 25, 2021, 2:17 PM IST

ডিফু, 25 ডিচেম্বৰ :অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ দুদু কলনিত প্ৰথম পৰ্যায়ৰ পিছত প্ৰশাসনে পুনৰ চলালে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান ৷ উচ্ছেদক কেন্দ্ৰ কৰি লাহৰিজানত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি ।

উল্লেখ্য যে, যোৱা ২০ ডিচেম্বৰত লাহৰিজানৰ দুদু কলনিত প্ৰথম পৰ্যায়ৰ উচ্ছেদ চলিছিল (Eviction in Laharijan)। ইয়াৰ পাছতে শুকুৰবাৰে পুনৰ সেই স্থানত প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰে । প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে হৈছিল যদিও দ্বিতীয় পৰ্যায়ৰ অভিযানত একাংশ লোকে প্ৰশাসনৰ লোকৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয় ।

লাহৰিজানত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান

উচ্ছেদিত লোকসকলে হাতে হাতে বিভিন্ন নথি-পত্ৰ, বেনাৰ, ফেষ্টুন আদি লৈ প্ৰশাসন তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (Evicted people protest against government in Karbi Anglong) ।

জানিব পৰা মতে, কাৰ্বি আংলং ৰাজহ চক্ৰৰ বৰজান মৌজাৰ অন্তৰ্গত মুঠ ১১ টা দাগত প্ৰশাসনে চলাব এই উচ্ছেদ অভিযান ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মতে চৰকাৰী ভূমি বেদখল কৰি দুদু কলনিত একাংশ বেদখলকাৰীয়ে অবৈধভাৱে সাজিছিল বাসগৃহ ৷

লগতে পঢ়ক :Eviction in Assam Nagaland Border : অসম-নাগালেণ্ড সীমান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details