ডিফু, ২৪ ডিচেম্বৰ :কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত উত্তেজনাময় পৰিৱেশ । প্ৰশাসনৰ উচ্ছেদ অভিযানক লৈ উত্তজেনা অঞ্চলটোত । প্ৰশাসনৰ লোকৰ সৈতে একাংশ উচ্ছেদিত পৰিয়াল তৰ্ক বিবাদ ।
উল্লেখ্য যে যোৱা ২০ ডিচেম্বৰত লাহৰিজানৰ দুদু কলনিত প্ৰথম পৰ্যায়ৰ উচ্ছেদ চলিছিল (Eviction in Karbi Anglong)। ইয়াৰ পাছতে শুকুৰবাৰে পুনৰ সেই স্থানত প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰে । প্ৰথম পৰ্যায়ৰ উচ্ছেদ শান্তিপূৰ্ণভাৱে হৈছিল যদিও দ্বিতীয় পৰ্যায়ৰ অভিযানত একাংশ লোকে প্ৰশাসনৰ লোকৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয় । দুদু কলনিত থকা এখন মাদ্ৰাছাত উচ্ছেদ চলোৱাৰ সময়তে উত্তেজিত হৈ পৰে লোকসকল । হাতে হাতে বিভিন্ন নথি-পত্ৰ, বেনাৰ আদি লৈ প্ৰশাসন তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিত লোকসকলে (Evicted people protest against government in Karbi Anglong)।